আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যু ! উত্তপ্ত ৰাক্ষসমাৰী - তেজপুৰ
আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুক কেন্দ্ৰকৰি তীব্ৰ উত্তেজনা | ক্ষুদ্ধ ৰাইজে ঘেৰাও কৰিলে ৰাক্ষসমাৰী আৰক্ষী চকী | এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথৰ প্ৰহাৰত মৃত্যু হয় ৰাক্ষসমাৰীৰ বাবুল দাস নামৰ এজন যুৱকৰ
![আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যু ! উত্তপ্ত ৰাক্ষসমাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4224455-thumbnail-3x2-dsfsdafdf.jpg)
তেজপুৰ, 23 আগষ্ট: শোনিতপুৰৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি | আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুক কেন্দ্ৰকৰি তীব্ৰ উত্তেজনা | ক্ষুদ্ধ ৰাইজে ঘেৰাও কৰিলে ৰাক্ষসমাৰী আৰক্ষী চকী | এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথৰ প্ৰহাৰত মৃত্যু হয় ৰাক্ষসমাৰীৰ বাবুল দাস নামৰ এজন যুৱকৰ | ৰাক্ষসমাৰী আৰক্ষী চকীত এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথে শাৰীৰিক ভাবে প্ৰহাৰ কৰিছিল বাবুল দাসক | বৃহস্পতি বাৰে তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল যুৱকজনৰ ৷ তাৰ বাবেই আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷