মানকাচৰ, 29 ফেব্ৰুৱাৰীঃদক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মতিনেৰ চৰৰ উচ্ছেদিত ভূমি ভুৱা ভূমিহীন লোকক আৱন্টন দিয়াৰ অভিযোগ ৷ এই অভিযোগ উচ্ছেদিত ৰাইজৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা আনিছুৰ ৰহমানৰ ৷ উপায়ুক্ত কার্যালয়, যোগান বিভাগৰ কার্যালয়ৰ লগতে জিলা আদালত আৰু অন্যান্য চৰকাৰী কার্যালয় নিৰ্মাণৰ বাবে প্ৰশাসনে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মতিনেৰ চৰত অবৈধভাৱে চৰকাৰী ভূমিত বসবাস কৰা প্ৰায় ২০০ পৰিয়ালক কিছুদিন পূৰ্বে উচ্ছেদ কৰা হৈছিল ৷ উচ্ছেদিত ১০০ বিঘা ভূমিৰ প্ৰায় ৫০ বিঘা ভূমিত বিভিন্ন চৰকাৰী কার্যালয় নিৰ্মাণ আৰু ৫০ বিঘা ভূমি ভূমিহীন লোকক আৱন্টন দিয়াৰ কথা আছিল যদিও, ভূমিহীন লোকৰ নামৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰি অন্য লোকক ৫০ বিঘা ভূমি আৱন্টন দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
ভুৱা প্ৰমাণ পত্ৰৰে মতিনেৰ চৰৰ উচ্ছেদিত ভূমি আৱন্টনৰ অভিযোগ - কৃষক মুক্তি সংগ্ৰাম সমিতি
পূৰ্বে উচ্ছেদ কৰা হৈছিল দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মতিনেৰ চৰত অবৈধভাৱে চৰকাৰী ভূমিত বসবাস কৰা প্ৰায় ২০০ পৰিয়ালক ৷ ভূমিহীন লোকৰ নামৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰি অন্য লোকক ৫০ বিঘা ভূমি আৱন্টন দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত ৰাইজৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা আনিছুৰ ৰহমানে ৷
শুকুৰবাৰে সাংবাদিকৰ আগত শালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা আনিছুৰ ৰহমানে অভিযোগ উত্থাপন কৰি কয়, জিলাখনৰ অতিৰিক্ত জিলা উপযুক্ত ছৈয়বৰ ৰহমানে কিছুমান পুঁজিপতি লোকৰ পৰা লক্ষাধিক টকাৰ উৎকোচ লৈ তেওঁলোকৰ নামত ভূমি আৱন্টনৰ প্ৰচেষ্টা চলাইছে ৷ উচ্ছেদিত ৰাইজৰ লগতে শালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা আনিছুৰ ৰহমানে সমগ্ৰ বিষয়টোক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাই ছৈয়বৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ৷