অসম

assam

ETV Bharat / state

মানকাচৰত সংহাৰী ৰূপ লৈছে বানে - মেঘালয়

মানকাচৰত বানৰ সন্ত্ৰাস । বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী । অঞ্চলবাসীৰ মাজত বৰ্তমানেও উপস্থিত হোৱা নাই জনপ্ৰতিনিধি ।

মানকাচৰত সংহাৰী ৰূপ লৈছে বানে

By

Published : Jul 11, 2019, 3:33 PM IST

ধুবুৰী,১১জুলাই : বানৰ কৱলত ৰাজ্যৰ বহু অঞ্চল । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীৰ বৃহত্তৰ অঞ্চল‌ এতিয়া জলমগ্ন হৈ পৰিছে । এই বানৰ ফলত অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

মানকাচৰত সংহাৰী ৰূপ লৈছে বানে


উল্লেখ্য যে, নেৰা-নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি আহিছে পানী । ইয়াৰ ফলত পানীত বুৰ গৈছে মানকাচৰৰ বিভিন্ন অঞ্চলৰ লগতে কালাপানী আৰক্ষী চকী । ইফালে, এই বাঢ়নী পানীয়ে কালাপানী-বয়শাবাড়ী সংযোগী কাঠৰ দলং আৰু লক্ষ্মীশ্বৰীফ কাঠৰ দলংখনলৈও আনিছে ভাবুকি । যিকোনো মুহূৰ্তত প্ৰলয়ংকাৰী সোঁতে উটুৱাই নিব পাৰে এই দুয়োখন কাঠৰ দলং । কিন্তু বানত ডুব গৈ থকা অঞ্চলবাসীৰ খবৰ ল'বলৈ বৰ্তমানেও আহৰি পোৱা নাই কোনো জনপ্ৰতিনিধি তথা জিলা প্ৰশাসন । যাৰ বাবে ক্ষোভিত হৈ পৰে বানাক্ৰান্ত ৰাইজ ।

ABOUT THE AUTHOR

...view details