মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Mancachar co-operative society
দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ চাউল বিতৰণ নকৰাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি স্থানীয় ৰাইজৰ। লগতে সমবায় সমিতিখনৰ সভাপতি আৰু সম্পাদকৰ ভাষ্যত দেখা দিয়া অমিলক লৈও ক্ষোভিত হৈ পৰে হিতাধিকাৰীসকল ৷
মানকাচৰৰ সুখচৰ সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ
মানকাচৰ, 27 এপ্ৰিল : দক্ষিণ শালমাৰাৰ মানকাচৰৰ সুখচৰ সমবায় সমিতিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ চাউল নোপোৱাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে শতাধিক হিতাধিকাৰী উত্তেজিত হৈ পৰে। সমবায়খনৰ সভাপতি মোস্তাউৰ ৰহমানক আৰু সম্পাদক ওৱালিউল কৰিমক প্ৰাপ্য চাউল নিদিয়াৰ কাৰণ সোধাত দুয়োজনৰ কথাত মিল নথকাৰ ফলত ক্ষোভিত হৈ পৰে হিতাধিকাৰীসকল ।