মানকাচৰ, 21 এপ্ৰিল : লক ডাউন 2.0 চলি থকাৰ সময়তে একাধিক সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ।
মানকাচৰত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ - অন্তৰদয়া ৰেচন কাৰ্ড
মানকাচৰত এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ হিতাধিকাৰীৰ। জানিব পৰা মতে,নিজ মনিৰচৰ সূলভ মূল্যৰ দোকানখন আনোৱাৰ হুছেইন নামৰ লোক এজনৰ নামত আছে যদিও আনোৱাৰ হুছেইন নামৰ কোনো লোক নিজ মনিৰচৰত নাই ৷ আনোৱাৰ হুছেইনৰ বিপৰীতে হাফিজুৰ ৰহমান নামৰ এজন দোকানীয়ে চাউল বিতৰণ কৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷
ৰহস্যজনক কথাটো হ'ল যে,দক্ষিণ শালমাৰা সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানীৰ তালিকা মতে,নিজ মনিৰচৰ সুলভ মূল্যৰ দোকানখন আনোৱাৰ হুছেইন নামৰ লোকজনৰ নামত আছে যদিও আনোৱাৰ হুছেইন নামৰ কোনো ব্যক্তিয়েই নিজ মনিৰচৰত নাই ।
ইফালে আনোৱাৰ হুছেইনৰ বিপৰীতে চাউল বিতৰণ কৰি আছে হাফিজুৰ ৰহমান নামৰ এজন দোকানীয়ে। এই বিষয়ে হিতাধিকাৰীসকলে দক্ষিণ শালমাৰা আৰক্ষী থানাত ১৪ এপ্ৰিল তাৰিখে এখন এজাহাৰ দাখিল কৰে । কিন্তু এতিয়ালৈ আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা। এই কথা সদৰী কৰে স্থানীয় ৰাইজে ৷
আনহাতে, হাফিজুৰ ৰহমানে হিতাধিকাৰীৰ পৰা ১৫০ টকাকৈ লোৱাৰো অভিযোগ উত্থাপন হৈছে । ৰেচন কাৰ্ডখন ভেৰিফিকেশ্যন কৰিবলৈ যদি কোনো হিতাধিকাৰীয়ে ১৫০ টকাকৈ নিদিয়ে তেওঁৰ ৰেচন কাৰ্ডখন নাইকিয়া কৰি দিব বুলিও হাফিজুৰ ৰহমানৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ অভিযোগ উঠিছে ।
লগতে পঢ়ক : ৰঙিয়াৰ হাচানটুকৰ পথাৰত গেলিছে ৰবি শস্য