অসম

assam

ETV Bharat / state

কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি ! মানকাচৰত উত্তেজনাময় পৰিস্থিতি

বুধবাৰে মানকাচৰ জিলাৰ হাটশিঙিমাৰীত কালভাৰ্ট নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ কৰাৰ বাবে বন্ধ কৰি দিয়ে কালভাৰ্ট নিৰ্মাণৰ কাম ৷ উচ্চ মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য কৰিবৰলৈ দাবী ৰাইজৰ ৷

low maaterial used in duburi road
কালভাৰ্ট নিৰ্মাণক কেন্দ্ৰ কৰি মানকাচৰত উত্তেজনাময় পৰিস্থিতি

By

Published : May 13, 2020, 6:24 PM IST

ধুবুৰী, 13 মে' :দক্ষিণ শালমাৰা জিলাৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত বুধবাৰে এটা কালভাৰ্ট নিৰ্মাণৰ কামক লৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । নিৰ্মাণ কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ বাবে ৰাইজে নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হয় এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷

উল্লেখযোগ্য যে, 2018-19 বিত্তীয় বৰ্ষৰ BADP(SCA) আঁচনিৰ অধীনত খাৰুৱাবান্ধাৰ তেতুল তলাত ৰাস্তা সহ এটা কালভাৰ্ট নিৰ্মাণৰ বাবদ চৰকাৰে আবন্টন দিছিল প্ৰায় 30 লাখ টকা । আৰু উক্ত কামৰ ঠিকা লাভ কৰিছিল মানকাচৰ সমষ্টিৰ বিধায়ক ডা৹ মতিউৰ ৰহমান মণ্ডলৰ পুত্ৰ মহিবুৰ ৰহমান মণ্ডলে ৷

কিন্তু ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰ মহিবুৰ ৰহমান মণ্ডলৰ মইমতালিত নিম্নমানৰ সামগ্ৰীৰে কামটো চলি থকাৰ বাবে স্থানীয় ৰাইজে ক্ষোভিত হৈ বুধবাৰে কামটো বন্ধ কৰি দিয়ে ।

কালভাৰ্ট নিৰ্মাণক কেন্দ্ৰ কৰি মানকাচৰত উত্তেজনাময় পৰিস্থিতি

আনহাতে, উক্ত নিৰ্মাণ কাৰ্যৰ উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ লগতে প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : চাকৰি হেৰুৱালে দেশৰ ২.৭ কোটি যুৱপ্ৰজন্মই !

ABOUT THE AUTHOR

...view details