ধুবুৰী, 30 জানুৱাৰী :দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজনো শিক্ষক উপস্থিত নথকাৰ বাবে শনিবাৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ স্থানীয় লোক আৰু অভিভাৱকৰ অভিযোগ অনুসৰি শনিবাৰে বিদ্যালয়খনৰ অধ্যক্ষ আমিনুল ইছলামৰ লগতে বিদ্যালয়ৰ এজনো শিক্ষক উপস্থিত নাথাকে ৷
ইফালে, দীর্ঘ দিনৰ পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মধ্যাহ্ন ভোজন নিদিয়াৰ অভিযোগ তুলিছে অভিভাৱক সকলে ৷ এই সন্দৰ্ভত স্থানীয় দল সংগঠনৰ লগতে অভিভাৱক সকলে কেইবাবাৰো অধ্যক্ষ জনৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা শিক্ষা বিভাগত অভিযোগ দাখিল কৰিছিল যদিও আজিকোপতি গুৰুত্ব নিদিয়াৰ কথা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷