অসম

assam

By

Published : Jun 9, 2020, 10:41 PM IST

ETV Bharat / state

দক্ষিণ শালমাৰাত ৭ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

মঙলবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জে এম এইচ এছ বিদ্যালয়ৰ ছাত্ৰী আৱাসৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোক এগৰাকীৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ।

south salmara
south salmara

ধুবুৰী, ৯ জুনঃ শালমাৰা মানকাচৰ জিলাত এজন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি । আক্ৰান্ত ৰোগী গৰাকী মানকাচৰ থানাৰ অন্তৰ্গত চেংগুৰচৰ গাঁৱৰ নিবাসী । যোৱা ২ এপ্ৰিলত আগৰতলাৰ পৰা অহা লোক গৰাকীক মানকাচৰৰ জে এম এইচ এছ বিদ্যালয়ৰ ছাত্ৰী আৱাসৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল ।

মানকাচৰৰ জে এম এইচ এছ বিদ্যালয়ৰ ছাত্ৰী আৱাসৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল আক্ৰান্ত লোকজন

আগৰতলাৰ পৰা অহাৰ দিনাই হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ স্ক্ৰীনিং কেন্দ্ৰত প্ৰাথমিক পৰীক্ষা কৰি COVID-19 পৰীক্ষণৰ বাবে সংগ্ৰহ কৰা SWAB পৰীক্ষাত মঙলবাৰে লোক জনৰ দেহত ধৰা পৰে কৰ'ণাৰ অৱস্থিতি । আক্ৰান্ত লোকজনক উন্নত চিকিৎসাৰ বাবে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱা হৈছে । এতিয়ালৈকে জিলাখনত সৰ্বমুঠ ৭ গৰাকী লোকলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ।

লগতে চাওকঃ ওদালগুৰি জিলাত ২৪ জনলৈ বৃদ্ধি আৰোগ্য হোৱা লোকৰ সংখ্যা

ABOUT THE AUTHOR

...view details