অসম

assam

By

Published : Apr 10, 2020, 6:52 PM IST

ETV Bharat / state

দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

শুকুৰবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ, মন্ত্ৰী ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ লগত সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

chief minister sarbananda sonowal visited hatsingimari
chief minister sarbananda sonowal visited hatsingimari

হাটশিঙিমাৰী, 10 এপ্ৰিলঃশুকুৰবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যিক যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীও । জিলাখনত উপস্থিত হৈয়েই মন্ত্ৰী ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিভিন্ন দিশৰ লগতে কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত, সকলোকে লক ডাউন মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আনহাতে লক ডাউন মানি নচলা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । লগতে তেওঁ উল্লেখ কৰে, যেতিয়ালৈকে কৰ'ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত নহয় তেতিয়ালৈকে ৰাইজে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ।

লগতে পঢ়কঃলক ডাউন আংশিক শিথিল কৰিবলৈ চৰকাৰক আহ্বান ৰাজ্যিক বিজেপিৰ

ABOUT THE AUTHOR

...view details