অসম

assam

ETV Bharat / state

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীত নিহত চোৰাং গৰু ব্যৱসায়ী - Cattle smuggler died at Indo-Bangla border

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীচালনা ৷ বি এছ এফৰ গুলীত সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ কাটিবলৈ চেষ্টা কৰা অৱস্থাত নিহত চোৰাং গৰু ব্যৱসায়ী ৷

Cattle smuggler died in BSF firing at Indo-Bangla international border
ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীত চোৰাং গৰু ব্যৱসায়ী নিহত

By

Published : Dec 6, 2019, 6:33 PM IST

ধুবুৰী,6 ডিচেম্বৰঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তয়েদি বাংলাদেশলৈ ব্যাপক হাৰত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুৱতি নিশা সীমান্তৰ কাটাতাঁৰ কাটি গৰুৰ চোৰাং সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়ত বি এছ এফৰ গুলীত এজন চোৰাং গৰুৰ সৰবৰাহকাৰী নিহত হয় ।

উল্লেখ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ খাৰুৱাবান্দা আৰক্ষী চকীৰ অন্তৰ্গত কানাইমাৰা এলেকাত হাটশিঙিমাৰীৰ শান্তিপুৰ অঞ্চলৰ চৰ কাশাৰীপাৰা গাঁৱৰ বাসিন্দা ছবুৰ মিঞা নামৰ সৰবৰাহকাৰীটোৱে কিছু পৰিমাণে কাঁইটীয়া তাঁৰৰ বেৰ কটাৰ সময়তে সীমান্তত টহলধাৰী বি এছ এফ জোৱানে লোকজনক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত বি এছ এফৰ গুলীত ঘটনাস্থলীতে চোৰাং সৰবৰাহকাৰীটো নিহত হয় ৷ ঘটনাৰ পিছত বি এছ এফৰ জোৱানে নিহত যুৱকজনৰ মৃতদেহ স্থানীয় খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে ।

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীত চোৰাং গৰু ব্যৱসায়ী নিহত

আৰু পঢ়ক হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউন্টাৰ

ABOUT THE AUTHOR

...view details