অসম

assam

By

Published : May 9, 2020, 12:12 PM IST

ETV Bharat / state

মুম্বাইত আৱদ্ধ অসমৰ অৰ্ধ-শতাধিক শ্ৰমিক

লক্ ডাউনৰ বাবে মায়ানগৰী মুম্বাইত আৱদ্ধ হৈ পৰিছে অসমৰ অৰ্ধ-শতাধিক শ্ৰমিক ৷ আৰ্থিক সংকটত ভোগা শ্ৰমিকৰ দলটোৱে অসম চৰকাৰৰ পৰা সহায়ৰ হাত বিচাৰিছে ৷

Barpeta labour in mumbai during lockdown
মায়ানগৰীত আৱদ্ধ অসমৰ অৰ্ধ-শতাধিক শ্ৰমিক

বৰপেটা, 9 মে' : লক্ ডাউনৰ ফলত মায়ানগৰী মুম্বাইত আৱদ্ধ হৈ পৰিছে বৰপেটা জিলাৰ জনীয়াৰ অৰ্ধ-শতাধিক শ্ৰমিক ৷ কৰ্ম সংস্থাপনৰ বাবে মুম্বাইলৈ যোৱা এই সকল শ্ৰমিকে বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ লগতে খাদ্য সংকটত ভুগিছে ৷

মহাৰাষ্ট্ৰত আৱদ্ধ শ্ৰমিক সকলে বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামক সহায় কৰিবলৈ অনুৰোধ জনাইছিল যদিও কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ প্ৰদান কৰিছে শ্ৰমিকৰ দলটোৱে ৷

মায়ানগৰীত আৱদ্ধ অসমৰ অৰ্ধ-শতাধিক শ্ৰমিক

ফলত উপায়বিহীন হৈ শ্ৰমিকৰ দলটোৱে অসম চৰকাৰৰ পৰা সহায়ৰ হাত বিচাৰিছে ৷ তেওঁলোকক অসমলৈ ঘুৰাই নিবৰ বাবে শ্ৰমিকৰ দলটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :কেৰালাতে থকাৰ সিদ্ধান্ত 'অতিথি' শ্ৰমিকৰ

ABOUT THE AUTHOR

...view details