হাটশিঙিমাৰীত ৭০ সংখ্যক বন মহোৎসৱ পালন - south salmara
1 জুলাইৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই বন মহোৎসৱ ৷ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত পালন কৰা হয় এই বন মহোৎসৱ কাৰ্যসূচী ৷
হাটশিঙিমাৰী, 7 জুলাইঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত 1 জুলাইৰ পৰা পালন কৰা হয় বন মহোৎসৱ ৷ জুলাইৰ প্ৰথমটো দিনৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে বন মহোৎসৱ ৷ ইয়াৰ লগত সংগতি ৰাখি মানকাচৰ জিলাতো বন বিভাগৰ সহযোগত বিশেষকৈ বৃক্ষৰোপণ আৰু গছ পুলি বিতৰণেৰে সুন্দৰকৈ পালন কৰা হয় এই বন মহোৎসৱ কাৰ্যসূচী ৷ অনুষ্ঠানত উপস্থিত থাকে ছলেমান হুছেইন চৌধুৰী( চি, এফ বন বিভাগ), বিশ্বজিৎ ৰায়( ডি, এফ, অ ধুবুৰী বন বিভাগ), মেৰিনা খান (সভানেত্ৰী, দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ), বখতিয়াৰ খিলজী (অধ্যক্ষ, হাটশিঙিমাৰী মহাবিদ্যালয়) ৰ লগতে হাটশিঙিমাৰী কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী লগতে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল ৷ উল্লেখযোগ্য যে, সপ্তাহযোৰা বন মহোৎসৱ কাৰ্য্যসূচী জৰিয়তে জিলাখনৰ বিভিন্ন স্কুল কলেজৰ উপৰিও ভিন ভিন স্থানত গছ পুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে ।