ধুবুৰী, ৯ ফেব্ৰুৱাৰী: চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি মঙলবাৰে দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আশা কৰ্মীসকলে । হাটশিঙিমাৰীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আশা কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । সদৌ অসম আশা কৰ্মী সন্থাৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আশা কৰ্মীৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল উলিয়ায় প্ৰাপ্যৰ পৰা বঞ্চিত আশা কৰ্মীসকলে ।
দক্ষিণ শালমাৰাত আশা কৰ্মীৰ প্ৰতিবাদ - দক্ষিণ শালমাৰা মানকাচৰ জিলা
দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত মঙলবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাপ্যৰ পৰা বঞ্চিত আশা কৰ্মীয়ে । সদৌ অসম আশা কৰ্মী সন্থাৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আশা কৰ্মীৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে আশা কৰ্মীসকলে ।
প্ৰতিবাদৰ অন্তত আশা কৰ্মীসকলে বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে, ২০০৬ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত আশা কৰ্মীসকলে কাম কৰি আছে ৷ কিন্ত চৰকাৰে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ লগতে আশা কৰ্মীসকলে চাকৰি নিয়মীয়াকৰণ আৰু মাহিলী দৰমহা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈও চৰকাৰক দাবী জনায় ।
আনহাতে, আশা কৰ্মীসকলে অভিযোগ উত্থাপন কৰে যে, হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ গৰ্ভৱতী মহিলাক লৈ গ'লে নাৰ্ছসকলৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'বলগীয়া হয় আৰু অতিৰিক্তভাৱে চিকিৎসালয়ত ধন আদায় দিব লাগে । ইয়াৰ পূৰ্বেও কৰ্ম বিৰতি ঘোষণা কৰি ৰাজ্যজুৰি আশা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু এই পৰ্যন্ত চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:বিদ্যালয়ৰ সমীপত জনসভা আয়োজনেৰে সমালোচনাৰ সন্মুখীন বিজেপি