ধুবুৰী, ৮ মাৰ্চ: দক্ষিণ শালমাৰাত মিত্ৰ দলৰে আসন ভাগ-বটোৱাৰাক লৈ মুঠেও সন্তুষ্ট নহয় এ আই ইউ ডি এফৰ নেতা-কৰ্মী । এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছক সমষ্টি এৰি দি মিত্ৰতাৰ সম্পৰ্ক স্থাপন কৰিছে ঠিকেই, কিন্তু দলৰ একাংশ নেতা-কৰ্মীয়ে ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে । দৰাচলতে কংগ্ৰেছ-এ আই ইউ ডি এফৰ আসন বুজাবুজিৰ ভিত্তিত এ আই ইউ ডি এফৰ ৰাজধানী খ্যাত দক্ষিণ শালমাৰা সমষ্টি কংগ্রেছক এৰি দিছে আজমলে ।
সমষ্টিটো মিত্ৰ দল কংগ্রেছক এৰি দিয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি সোমবাৰে একাংশ দলীয় কৰ্মীয়ে লণ্ডভণ্ড কৰিলে এ আই ইউ ডি এফৰ জিলা কাৰ্যালয় । দলৰ কাৰ্যালয়ৰ চকী-মেজ ভাঙি পেলোৱাৰ লগতে নথি-পত্ৰ, পোষ্টাৰ আদিও জ্বলাই দিয়ে সমষ্টিটোৰ ক্ষুদ্ধ নেতা-কৰ্মীয়ে । বদৰুদ্দিন আজমলৰ লগতে এ আই ইউ ডি এফৰ বিৰুদ্ধে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে দলৰ কৰ্মকৰ্তাই ।
সোমবাৰে ধুবুৰী চিলড্ৰেন পাৰ্কত এখন সভা অনুষ্ঠিত কৰিএ আই ইউ ডি এফ বৰ্জন কৰাৰ কথা ঘোষণা কৰে সমষ্টিটোৰ দলীয় নেতা-কৰ্মীয়ে । এই সভাত দক্ষিণ শালমাৰা সমষ্টিৰ একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীও উপস্থিতি থাকে । ইয়াৰ পিছতে জিলা কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়ৰ তলা ভাঙি ভিতৰৰ পৰা বিভিন্ন নথি-পত্ৰ, পোষ্টাৰ, বেনাৰ আদি উলিয়াই আনি জ্বলাই দিয়ে ক্ষুদ্ধ কৰ্মকৰ্তাই ।