মানকাচৰ, 13 জুনঃ ভাৰত-বাংলা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক লৈ সুদীৰ্ঘ অসমত প্ৰতিবাদৰ জুই জ্বলি আহিছে ৷ তেনে সময়তে অনুপ্ৰৱেশৰ আন এক তথ্য পোহৰলৈ আহিছে মানকাচৰত ৷ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী আৰক্ষী থানাৰ অন্তৰ্গত বগবান্ধা গাঁৱৰ মহম্মদ আলী নামৰ লোক এগৰাকীৰ পুত্ৰ মিলন মিঞাই দহ বছৰ বয়সত ভাৰতলৈ প্ৰৱেশ কৰিছিল মানকাচৰস্থিত ভাৰত-বাংলাৰ উন্মুক্ত সীমাৰে ৷ যুৱকজনৰ নাম সম্প্ৰতি অন্তৰ্ভুক্ত ভাৰতীয় ভোটাৰ তালিকাত ৷ 6 বছৰ পূৰ্বেই এগৰাকী স্থানীয় যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মিলন মিঞাৰ নাম সন্নিবিষ্ট হৈছে ভাৰতীয় নাগৰিক পঞ্জীতো ৷
ভাৰতীয় নাগৰিকত্ব পোৱা এজন অনুপ্ৰৱেশকাৰী - bangladeshi infiltrator
10 বছৰ বয়সতে মানকাচৰস্থিত ভাৰত-বাংলাৰ উন্মুক্ত সীমাৰে অনুপ্ৰৱেশ কৰা এজন যুৱকে গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি জন্ম-মৃত্যু পঞ্জীয়নৰ প্ৰমাণ পত্ৰ দিয়া স্বাস্থ্যকৰ্মীলৈ, ভিন্ন লোকৰ সহযোগিতাৰে লাভ কৰে ভাৰতীয় নাগৰিকত্ব ৷
কিন্তু 6 জুনত মানকাচৰ আৰক্ষীৰ এটা দলে এক গোপন তথ্যৰ ভিত্তিত মানকাচৰৰ ডাকেৰ গাঁৱৰ নুৰ আমিন নামৰ ব্যক্তি এগৰাকীৰ গৃহত অভিযান চলায় ৷ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু ড্ৰাগছজাতীয় ঔষধ জব্দ কৰাৰ লগতে, তেওঁৰ গৃহত আশ্ৰয় লৈ থকা মিলন মিঞাকো আটক কৰে ৷ কিন্তু এতিয়াও পলাতক অৱস্থাত আছে ঘৰৰ স্বত্বাধিকাৰী নুৰ আমিন ৷ অভিযুক্ত মিলন মিঞাক জেৰা কৰাত তেওঁৰ অনুপ্ৰৱেশৰ লগতে আন আন কেইবাটাও তথ্য পোহৰলৈ আহিছে ৷ অভিযুক্ত জনৰ স্বীকাৰোক্তিৰ ভিত্তিত পোহৰলৈ আহিছে যে, তেওঁৰ নাম এন.আৰ.চিত অন্তৰ্ভুক্ত কৰাত সহায় কৰিছে মানকাচৰৰ পুৰাণ দিয়াৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি আবু বক্কাৰ ছিদ্দিক, বি এল অ' মনোৱাৰা বেগম, জন্ম-মৃত্যু পঞ্জীয়নৰ প্ৰমাণ পত্ৰ দিয়া স্বাস্থ্যকৰ্মী আনোৱাৰ হুছেইন মণ্ডল আৰু বি এল অ' চুপাৰভাইজৰ উৱালিউল ইছলামে ৷ অভিযুক্ত জনৰ স্বীকাৰোক্তিত আৰক্ষীয়ে এই লোক কেইজনকো আটক কৰে ৷
লগতে পঢ়কঃধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পচে'ট কেলেংকাৰী, গ্ৰেপ্তাৰ ঠিকাদাৰ