ধুবুৰী,১৫ আগষ্ট:অন্যান্য প্ৰান্তৰ দৰে মানকাচাৰ জিলাতো উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাঙ্গনত অনুস্থিত কাৰ্যসূচীত পুৱা ৯ বজাত উত্তোলন কৰা হয় জাতীয় পতাকা ।
মানকাচৰ জিলাৰ উপায়ুক্ত গুৰুদীপ সিং পানেশ্বৰে জাতীয় পতাকা উত্তোলনৰে আৰম্ভ কৰা স্বাধীনতা দিৱসৰ এই বিশেষ অনুস্থানটিত উপস্থিত থাকে মানকাচৰ সমষ্টিৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম, অতিৰিক্ত উপায়ুক্ত ছৈবৰ ৰহমান, জিলা অতিৰিক্ত উপায়ুক্ত ইনামূল হককে আদি কৰি জিলাখনৰ প্ৰশাসনিক বিষয়া কৰ্মচাৰী আৰু সমাজৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি ।