তেজপুৰ, 24 ডিচেম্বৰ: Politics নকৰা জুবিন এইবাৰ Politicsত ৷ জুবিন আৰু ৰাজনীতি ! শুনিবলৈ এয়া যেন কিবা আচহুৱা লাগে ৷ কিন্তু এইবাৰ আপুনি জুবিন গাৰ্গক(Zubeen Garg) দেখিবলৈ পাব ৰাজনীতিত ৷
দৰাচলতে সদ্য মুক্তিপ্ৰাপ্ত ছবি ৰাজনীতি(Assamese film Rajniti) নামৰ ছবিখনতহে অভিনয় কৰিছে জুবিন গাৰ্গে ৷ সদ্য মুক্তিপ্ৰাপ্ত ছবিখনত এগৰাকী সাংবাদিক(Zubeen Garg acting as a Journalist) হিচাপে দেখিবলৈ পোৱা যাৱ জুবিন গাৰ্গক ৷
উল্লেখ্য যে, শনিবাৰে তেজপুৰত বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে নিশা গীত পৰিৱেশনৰ বাবে উপস্থিত হয় জুবিন গাৰ্গ(Zubeen Garg in Tezpur) ৷ কিন্তু তাৰ পূৰ্বে জুবিন গাৰ্গ উপস্থিত হ’লগৈ তেজপুৰৰ IMP Digital ছবিগৃহত ৷ অসংখ্য অনুৰাগীৰ ভিৰৰ মাজতে জুবিন গাৰ্গে ক'লে ৰাজনীতি ছবিখনত কৰা অভিনয়ৰ কথা ৷ সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰা জুবিনে ছবিখন অতি ভাল হৈছে উল্লেখ কৰি সকলোকে অসমীয়া ছবি চাবৰ বাবে আহ্বান জনায় ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ(Barsha Rani Bishaya) সৈতে পোন প্ৰথমবাৰৰ অভিনয় কৰা বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷