অসম

assam

By

Published : Dec 24, 2019, 10:49 PM IST

Updated : Dec 25, 2019, 9:20 AM IST

ETV Bharat / state

2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক: জুবিন গাৰ্গ

তেজপুৰৰ নেহেৰু মৈদানত কন্ঠশিল্পী জুবিন গাৰ্গৰ হুংকাৰ ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক ৷

Zubeen Garg commented against CAA at Tezpur
2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হব বিজেপিক: জুবিন গাৰ্গ

তেজপুৰ, 24 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত মঙলবাৰে তেজপুৰৰ নেহেৰু মৈদানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় কেন্দ্ৰীয় গণ সমাৱেশত উপস্থিত হয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷ মঙলবাৰে সন্ধিয়া উক্ত অনুষ্ঠানত উপস্থিত হৈ নতুন ৰাজনৈতিক দল গঠনৰ বাবে ভূমিকা ল'ব বুলি মন্তব্য কৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে ৷ কিন্তু কোনোদিনেই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ নকৰো বুলি স্পষ্ট মন্তব্য শিল্পী গৰাকীৰ ৷ লগতে বিজেপি দল ধনী মানুহৰ দল বুলি কটাক্ষ কৰি প্ৰতিবাদ স্থলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে জুবিন গাৰ্গে ৷ ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ মন্তব্য "মই ৰাইজৰ মাজত থকা মানুহ আৰু ৰাইজৰ লগত থাকিম" ।

2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হব বিজেপিক: জুবিন গাৰ্গ

আনহাতে 2021 ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক ওফৰাই পেলোৱা হ'ব বুলি মন্তব্য কৰে জুবিন গাৰ্গে ৷ লগতে শিল্পী গৰাকীয়ে মন্তব্য কৰে যে, ভাল দিন আহিব বুলি ভাবি তেওঁ চৰকাৰ গঠন কৰাত সহায় কৰিছিল কিন্তু এতিয়া সেই চৰকাৰ ধ্বংস কৰা হ'ব ।

Last Updated : Dec 25, 2019, 9:20 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details