অসম

assam

ETV Bharat / state

তেজপুৰৰ জ'নেল কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত 77 গৰাকী বহিঃ ৰাজ্যৰ পৰা অহা ব্যক্তি - তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়

শুকুৰবাৰৰ পৰা মেডিকেল স্ক্রিনিং আৰম্ভ হ'ল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰত ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ শোণিতপুৰ জিলা প্ৰশাসনৰ ৷

Zonal screening venue set up at Tezpur University
বহিঃৰাজ্যৰ পৰা ৭৭ জন লোক আহি উপস্থিত হ'ল তেজপুৰৰ জ'নেল কোৱাৰেন্টাইন কেন্দ্ৰত

By

Published : May 8, 2020, 8:19 PM IST

তেজপুৰ,৮ মে' ঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল মেডিকেল স্ক্রিনিং ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ কোৱাৰেণ্টাইনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ বহিঃৰাজ্যৰ পৰা অসমৰ পাঁচ জিলালৈ আহিবলগীয়া বৃহৎ সংখ্যক লোকৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ৷ বৰ্তমানলৈকে মুঠ ৭৭ জন লোক আহি উপস্থিত হৈছে তেজপুৰৰ জ'নেল কোৱাৰেন্টাইন কেন্দ্ৰত ৷

বহিঃৰাজ্যৰ পৰা ৭৭ জন লোক আহি উপস্থিত হ'ল তেজপুৰৰ জ'নেল কোৱাৰেন্টাইন কেন্দ্ৰত
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰ
মূলতঃ শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, ধেমাজি আৰু লখিমপুৰ জিলালৈ আহিবলগীয়া লোকক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয়ৰ আছুতীয়া কক্ষত কোৱাৰেণ্টাইন কৰা হ’ব ৷ জিলা প্ৰশাসনে পাঁচখন জিলালৈ আহিবলগীয়া এই লোক সকলৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত কেন্দ্ৰীয় বিদ্যালয়ত সাজু কৰি ৰাখিছে আচুতীয়া কক্ষ ৷ আনহাতে বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে তেজপুৰৰ মুঠ ২২ খন হোটেল, প'ল ফিল্ড ইণ্ডোৰ ষ্টেডিয়াম, তেজপুৰৰ দৰং মহাবিদ্যালয় আদি স্থানত ৷

ABOUT THE AUTHOR

...view details