অসম

assam

ETV Bharat / state

কৃষি থাকিলেহে বিহু থাকিব ,কৃষি কাৰ্যৰ পৰা যুৱ প্ৰজন্মক আঁতৰি নাথাকিবলৈ আহ্বান - বিহু

বিহগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা ৷ কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক নিমন্ত্ৰণ জনাই শতাধিক লোকক সম্বৰ্ধনা জনায় ।

কৃষি থাকিলেহে বিহু থাকিব কৃষি

By

Published : Apr 28, 2019, 8:28 PM IST

ঢেকিয়াজুলি , 27 এপ্ৰিল : অসমীয়া পৰম্পৰা অনুযায়ী জ্যেষ্ঠসকলক সন্মান জনোৱাৰ প্ৰচেষ্টা হাতত ল'লে বিহগুৰি যুৱ মৰ্চাই । কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক সম্বৰ্ধনা জনায় যুৱ মৰ্চাই । যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বু,এমট'নৰ ৰাজ্যিক উপাধ্যক্ষ ঋতুপৰ্ণ শৰ্মা, বিজেপি ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ লগতে জিলাৰ সভাপতি বীৰেণ নাথো ।

বিহগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা

কৃষি থাকিলেহে বিহু থাকিব, গতিকে নৱ-প্ৰজন্মক বিহুক পৰিৱর্তনৰ ৰূপ দিবলৈ গৈ কৃষি কাৰ্যৰ পৰা আঁতৰি নাথাকিবলৈ আহ্বান ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ। আনহাতে শতাধিক ব্যয়োজ্যেষ্ঠ লোকক একোখনকৈ ফুলাম গামোছা আৰু একোখনকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details