তেজপুৰ, ১৪ ছেপ্টেম্বৰ :অসমসহ ৫ ৰাজ্যৰ যুৱকৰ আল-কায়দাত যোগদানৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । NIA-ই ফাদিল কৰিছে এই বিস্ফোৰক তথ্য । তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক অনলাইনৰ জৰিয়তে লক্ষ্য কৰি লৈছে এই নিষিদ্ধ সংগঠনে । এক গোপন এপৰ জৰিয়তে যুৱকক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । তেহৰিক-ই-তালিবান আৰু আল-কায়দাই যুৱ প্ৰজন্মক প্ৰৰোচনাৰ চেষ্টা কৰিছে । বৰ্তমান পাক-আফগানিস্তান সীমান্তত সক্ৰিয় হৈ আছে এই দুয়োটা সংগঠন ।
NIAৰ হাতত পৰিছে আল-কায়দাৰ গোপন অভিসন্ধিৰ তথ্য । এই সন্দৰ্ভত NIA-ই এটিএছক এলাৰ্ট জাৰি কৰিছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে ই এক ভয়ংকৰ তথ্য আৰু ইয়াৰ বাবে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন । তেওঁ লগতে ভয়ংকৰ অভিযোগ উত্থাপন কৰি কয় যে এই সংগঠনৰ লগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যোগসূত্ৰ আছে কাৰণ আল-কায়দা বা বাংলাদেশী মোজাহিদীন সংগঠনক সহায় কৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লোকে । এই সংগঠনৰ লোকক গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ জপিয়াই পৰে বুলিও পীযুষ হাজৰীকাই অভিযোগ কৰে ।
শাসকীয় চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এনে মন্তব্যৰ পাছতে বিৰোধী ক্ষোভিত হৈ পৰিছে । পীযুষ হাজৰীকাৰ এই মন্তব্যৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ভাৰতৰ অখণ্ডতাক লৈ কোনো ৰাজনীতি হ'ব নালাগে ,দোষীয়ে শাস্তি পাব লাগিব বুলি মন্তব্য কৰে । তেওঁ কয় যে এই ক্ষেত্ৰত কোনো ৰাজনৈতিক দলক আক্ৰমণ কৰিব নালাগে ।