তেজপুৰ,১২ অক্টোবৰ: অলপতে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ ১৬ সংখ্যক বিশ্ব যুৱ শান্তি মহোৎসৱত অসম তথা তেজপুৰৰ যুৱ নেতা তৃষাণু ভূঞাই "Youth leadership Award 2023" লাভ কৰি অসমলৈ গৌৰৱ কঢিয়াই আনে । এই বঁটা প্ৰদান কৰে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মৈথ্ৰিপাল্লা ছিৰিসেনাই । অনুষ্ঠানত উপস্থিত থাকে শ্ৰীলংকাৰ বৰ্তমানৰ ন্যায় মন্ত্ৰী ড৹ উইজেয়াডাছা ৰাজাপকস্ব, যুৱসত্তাৰ প্ৰতিষ্ঠাপক প্ৰমোদ শৰ্মা, আমেৰিকান ডন এম.চি এভিনচি, শ্ৰীলংকাৰ এই মহোৎসৱৰ Country Coordinator চন্দ্ৰিকা ডি. জয়ছাৰ লগতে শ্ৰীলংকাৰ কেইবাজনো উচ্চ পদস্থ বিষয়া ।
ভূঞাক ১৫ খনৰো অধিক দেশৰ প্ৰতিনিধিৰ মাজত এই বঁটা প্ৰদান কৰা হয় । সামাজিক দায়বদ্ধতা, সমাজ-কৰ্ম আৰু ১৫ সংখ্যক বিশ্ব যুৱ শান্তি মহোৎসৱ, মালেছিয়াত তেওঁৰ সক্ৰিয় অংশগ্ৰহণ আৰু পাৰদৰ্শিতাৰ বাবেই তেওঁলৈ এই বঁটা প্ৰদান কৰা হয় । ২০২৩ বৰ্ষৰ এই বঁটা বিশ্বৰ বিভিন্ন দেশৰ ২১ জন ব্যক্তিয়ে লাভ কৰে ।
প্ৰতি বৰ্ষতে বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন নিৰ্বাচিত ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় । তেজপুৰৰ নিবাসী বাণীকান্ত ভূঞা আৰু নিজুমণি ভূঞাৰ একমাত্ৰ সন্তান তৃষাণু ভূঞা দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক, দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেছনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব পালনেৰে বিভিন্ন কাম কৰি আহিছে ।