তেজপুৰ, ১৯ এপ্ৰিল: কৰ্মসংস্থাপনৰ বাবে বহিঃ ৰাজ্যলৈ গৈ অসমৰ বহু যুৱক-যুৱতী প্ৰতাৰিত হোৱা ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে । তেনে এক ঘটনা পুনৰ সংঘটিত হ’ল তেজপুৰৰ এজন যুৱকৰ ক্ষেত্ৰত ৷ পশ্চিম বংগৰ এজন যুৱকে কৰ্মসংস্থাপন দিয়াৰ বাবে লৈ যোৱাৰ কেইমাহ মানৰ পাছৰে পৰা সন্ধান লাভ কৰা নাই তেজপুৰৰ যুৱকজনৰ (Tezpur youth missing in Bengaluru)৷
বহিঃৰাজ্যত সন্ধানহীন তেজপুৰৰ যুৱক তেজপুৰৰ ৰাজভঁৰালৰ ৰছিদূল আলি নামৰ ২০ বছৰীয়া যুৱকজনক ২০২১ চনৰ জানুৱাৰী মাহত বাংগালুৰুলৈ হাইদৰ আলি নামৰ পশ্চিম বংগৰ এজন যুৱকে কৰ্ম সংস্থাপন দিম বুলি লৈ গৈছিল । তেজপুৰৰ পৰাই হাইদৰ অলিয়ে যুৱকজনক কামৰ বাবে লৈ গৈছিল । কিন্তু হাইদৰ আলিয়ে ৰছিদূল আলিক কামৰ বাবদ পাৰিশ্ৰমিক দিয়াৰ পৰা বঞ্চিত কৰে । উপৰঞ্চি ৰছিদূলৰ পৰিয়ালৰ পৰাহে ফোনযোগে হাইদৰ আলিয়ে ধনদাবী কৰিবলৈ আৰম্ভ কৰে ৷
ৰছিদূলৰ জ্যেষ্ঠ ভাতৃয়ে জনোৱা অনুসৰি কিছুদিন পূৰ্বে হাইদৰ আলি নামৰ পশ্চিম বংগৰ যুৱকজনে ৰছিদূলৰ ঘৰলৈ ফোন কৰি জনায় যে, ৰছিদূলক কিছু ধনৰ প্ৰয়োজন হৈছে গতিকে হাইদৰৰ বেংক একাউণ্টত ৬ হাজাৰ টকা পঠাই দিব লাগে ৷ সেই অনুসৰি পৰিয়ালৰ লোকে হাইদৰ আলিৰ একাণ্টত সেই পৰিমাণৰ টকা জমা কৰি দিয়ে ৷ ফোনৰ ব্যৱস্থা নথকা ৰছিদূলৰ লগত যোগাযোগ কৰাৰ বাবে পৰিয়ালৰ লোকে হাইদৰ আলিলৈ পুনৰ ফোনকল কৰাত হাইদৰ আলিয়ে কয় যে ৰছিদূল বেলেগ ঠাইত আছে ।
ইয়াৰ পাছত ৰছিদূলৰ ঘৰৰ পৰা পুনৰ হাইদৰৰ লগত যোগাযোগ কৰাত পুনৰ ধনদাবী কৰি কয় যে, ৰছিদূলক তামিলনাডুলৈ পঠাই দিয়া হৈছে আৰু ধন দিলেহে ৰছিদূলক ঘূৰাই দিব । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে তেজপুৰ সদৰ আৰক্ষী থানাত যোৱাটো বৰ্ষৰ ডিচেম্বৰ মাহতে এজাহাৰ দাখিল কৰে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক:Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক