অসম

assam

By

Published : Dec 24, 2021, 8:08 PM IST

ETV Bharat / state

কুসুমটোলাত কিয় ভায়েকে হত্যা কৰিলে ককায়েকক ?

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাত কনিষ্ঠ ভাতৃৰ লাঠিৰ প্ৰহাৰত মৃত্যু হয় জ্যেষ্ঠ ভাতৃৰ(younger brother kills older brother) ৷ সম্প্ৰতি জামুগুৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে কনিষ্ঠ ভাতৃ চাজন ভূমিজে ৷ আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ হৈছে জ্যেষ্ঠ ভাতৃৰ মৃতদেহ ৷

Brother killed Brother in Sonitpur
কুসুমটোলাত কিয় ভায়েকে হত্যা কৰিলে ককায়েকক ?

চতিয়া, ২৪ ডিচেম্বৰ :শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাত কনিষ্ঠ ভাতৃৰ হাতত জ্যেষ্ঠ ভাতৃৰ মৃত্যু(younger brother kills older brother) হোৱা ঘটনাই শুকুৰবাৰে অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে । পাৰিবাৰিক সংঘাতৰ ফলত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা হৈছে ৷

স্থানীয় লোকে সদৰি কৰা মতে, পাৰিবাৰিক কোনো কাৰণত দুয়োগৰাকী ভাতৃৰ মাজত কথাৰ তৰ্কাতৰ্কি হয় ৷ দুয়োৰে মাজত তৰ্কাতৰ্কি ক্ৰমাৎ হতাহতিলৈ পৰিণত হয় আৰু কনিষ্ঠ ভাতৃ চাজন ভূমিজে জ্যেষ্ঠ ভাতৃ দ্বীপেন ভূমিজক লাঠিৰে প্ৰহাৰত কৰে ৷ চাজন ভূমিজৰ লাঠিৰ প্ৰহাৰত দ্বীপেন ভূমিজৰ মৃত্যু হয় ।

জামুগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া

শুকুৰবাৰে পুৱা এই সমগ্ৰ ঘটনা পোহৰলৈ আহে । আনহাতে এই ঘটনাৰ পাছতেই চাজন ভূমিজে জামুগুৰি আৰক্ষী থানা(surrender at Jamuguri Police Station)ত আত্মসমৰ্পণ কৰে । ইয়াৰ পিচত জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দ্বীপেন ভূমিজৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়(Kanaklata Civil Hospital)লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Isha Thapa death case : নৌ সেনাৰ বিষয়াৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ

ABOUT THE AUTHOR

...view details