অসম

assam

ETV Bharat / state

World Senior citizen Day: তেজপুৰত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন - তেজপুৰত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

১৯৯১ চনৰ পৰাই প্ৰতি বছৰৰ ১ অক্টোবৰৰ দিনটোত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয় ৷ এই বিশেষ দিনটোৰ উপলক্ষে জ্যেষ্ঠ নাগৰিকসকলৰ সু-স্বাস্থ্য কামনাৰে জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰ।

স্বাস্থ্য পৰীক্ষা শিবিৰ
স্বাস্থ্য পৰীক্ষা শিবিৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:40 PM IST

তেজপুৰ, ১ অক্টোবৰ:আজি বিশ্ব জেষ্ঠ নাগৰিক দিৱস । ১৯৯১ চনৰ পৰাই প্ৰতি বছৰৰ ১ অক্টোবৰৰ দিনটোত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন হৈ আহিছে । তাৰেই অংশ হিচাপে দেওবাৰে শোণিতপুৰ জিলা প্ৰশাসন সামাজিক ন্যায় আৰু সবলীকৰণৰ উদ্যোগত আৰু মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

তেজপুৰত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

তেজপুৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানটো তেজপুৰৰ ৮০ ৰ উৰ্ধৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকক জিলা প্ৰশাসন ও নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ইফালে, সভাত উপস্থিত থকা প্ৰতি গৰাকীৰ জ্যেষ্ঠ নাগৰিকক সামাজিক ন্যায় সবলীকৰণ বিভাগৰ তৰফৰ পৰাও সম্বৰ্ধনা জনাই সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকলে ।

আনহাতে এই অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত আনন্দ উল্লাস আৰু স্বাস্থ্যৰ উন্নতিৰ বাবে নাগৰিকসকলক সন্মান জনোৱা হয় ৷ ইয়াৰোপৰি তেজপুৰ নিৰ্বাচনী বিষয়াসকলে প্ৰদান কৰা এটা কেক শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত জ্যেষ্ঠ নাগৰিকসকলে কাটে ৷

ইফালে, জ্যেষ্ঠ নাগৰিকসকলৰ সু-স্বাস্থ্য কামনাৰে জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰো । এই স্বাস্থ্য শিৱিৰত তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ অন্তৰা কুণ্ডু, স্বাস্থ্য কৰ্মী জ্যোতিৰ্ময় দত্তকে ধৰি কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মী আশা কৰ্মীসকলৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে ।

জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰ

এই স্বাস্থ্য পৰীক্ষা শিৱিৰত স্বাস্থ্য পৰীক্ষা কৰা জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হয় জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ লগতে জিলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সমন্বয়ক ৰাজ শইকয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া ৷

লগতে পঢ়ক:Bhaona preparation: ভাওনাৰ আখৰাত ব্যস্ত ঢকুৱাখনাৰ বিএড মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details