তেজপুৰ,22 ছেপ্তেম্বৰ: ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন অনুষ্ঠানত মঙলবাৰে উপস্থিত থাকে ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য । প্ৰতি বছৰৰ দৰে এইবছৰো চৰকাৰীভাৱে ৰাষ্ট্ৰীয় উদ্যানখনত পালন কৰা হয় বিশ্ব গঁড় দিৱস । উক্ত অনুষ্ঠানত উপস্থিত থাকে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ শুক্লবৈদ্যই প্ৰকাশ কৰে যে, বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ খড়্গৰ বাবে এটা ডাঙৰ সমস্যা হৈছে চোৰাং চিকাৰী ৷ লগতে মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয়, বন বিভাগে একেৰাহে চলাই থকা চোৰাং চিকাৰী বিৰোধী অভিযানৰ বাবে 2016 চনৰ পৰা গঁড় নিধনত ব্যৰ্থ হৈছে চোৰাং চিকাৰী ৷ 2016 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমত মুঠ 22 টাকৈ গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে বিগত বৰ্ষত মাত্ৰ তিনিটা গঁড় চিকাৰীয়ে হত্যা কৰে ৷ আৰু এয়া বন বিভাগৰ সচেতনতাৰ বাবে সক্ষম হৈছে ।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত 1991 চনত 97 টা গঁড় আছিল ৷ তাৰপিছত 1997 চনত ইয়াৰ সংখ্যা কমি হয়গৈ 46 ৷ 2006 চনত এই সংখ্যা পুনৰ বৃদ্ধি হয় 68 টালৈ ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ তৎপৰতাত এই সংখ্যাই স্পৰ্শ কৰে 100 ৰ ঘৰ ৷