অসম

assam

By

Published : Jun 5, 2023, 4:01 PM IST

ETV Bharat / state

World Environment Day 2023: ব্যতিক্ৰমী প্ৰয়াস তিনি সচেতন ব্যক্তিৰ

গছ থাকিলেহে মানুহ থাকিব ৷ অধ্যাপক হৰেন্দ্ৰ মৰাং আৰু চিকিৎসক ৰাজীৱ বৰুৱা আৰু কুমুদ বৰুৱাৰ ব্যতিক্ৰমী প্ৰয়াস ৷ তিনিওগৰাকীৰ প্ৰচেষ্টাত তেজপুৰ চহৰ তথা বিশ্বনাথ চাৰিআলিত গছ পুলি ৰোপন (World Environment Day 2023) ৷

World Environment Day 2023
পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ সংকল্প তিনি পৰিৱেশপ্ৰেমীৰ

তেজপুৰ,5 জুন : ‘‘মাত্ৰ এখন পৃথিৱী’’ ধাৰণাৰে 1973 চনৰ পৰা সমগ্ৰ বিশ্বই 5 জুনটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আহিছে (Only One Earth)৷ গছ থাকিলেহে মানুহ থাকিব ৷ প্ৰকৃতি ধ্বংস কৰি উন্নয়ৰ সভ্যতাৰ জখলাত বগাই মানুহে নিজৰে নজকে ধ্বংস কৰা নাই নে ! পৰিবেশ দিৱসত হে মনত পৰা পৰিবেশ সংৰক্ষণৰ ব্যৱস্থাৰ একমাত্ৰ এই দিনটোলৈ অপেক্ষা কিয় (World Environment Day) ?

পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ সংকল্প তিনি পৰিৱেশপ্ৰেমীৰ

আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ চহৰৰ দুজন সচেতন ব্যক্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ অধ্যাপক হৰেন্দ্ৰ মৰাং আৰু চিকিৎসক ৰাজীৱ বৰুৱা প্ৰচেষ্টাত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে (Tezpur)৷ উ’ডৰুপন নামেৰে তেজপুৰ মহাভৈৰবৰ পৰা কনকলতা অসামৰিক চিকিৎসালয়, উত্তৰে তেজপুৰৰ পৰুৱা চাৰিআলি লৈকে প্ৰতিজন লোকৰ সন্তানৰ জন্ম দিনত এজোপা গছ পুলি ৰোপন কৰাৰ কাম সামৰি লৈছে (Biswanath Chariali)।

পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ সংকল্প তিনি পৰিৱেশপ্ৰেমীৰ

একেদৰে কুমুদ বৰুৱাৰ প্ৰচেষ্টাত বিশ্বনাথ চাৰিআলিৰ আদালত চৌহদত আৰু তেজপুৰ চহৰৰ মাজ মজিয়াত শাৰী শাৰীকৈ গছ পুলি ৰোপণৰ ফলত ৰ'দৰ পৰা সকাহ পাইছে বহুলোকে । কেৱল সেয়াই নহয়, বৰুৱাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন ঠাইত নিজৰ গাঁঠিৰ ধন খৰচ কৰি গছ ৰোপনৰ কাম কৰি আহিছে (Srimanta Sankardev Kalakshetra) ৷

পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ সংকল্প তিনি পৰিৱেশপ্ৰেমীৰ

বৰুৱাই নিজে গছ পুলি ৰোপণ আৰু প্ৰতিপালন কৰি সময়ে সময়ে ইয়াৰ নিৰীক্ষণ কৰি কাটিং কৰে । কিন্তু দুৰ্ভাগ্যৰ বিষয় তেজপুৰ পৌৰ সভাৰ অন্তৰ্গত এলেকাত থকা এই গছ সমূহ প্ৰতিপালন কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কৰ্তৃপক্ষই । আনফালে আকৌ তেজপুৰ মিছন চাৰিআলি-ভোমোৰাগুৰী লৈ চাৰিলেন পথ নিৰ্মাণ আৰু উৰণীয়া সেতু নিৰ্মাণৰ নামত পথৰ দাঁতিত থকা বৃহৎ আকাৰৰ গছসমূহ কাটি তাহিলং কৰিলে (Mission Chariali,Tezpur) ।

চৰকাৰী তথ্যত অনুসৰি বিগত দুটা দশকত অসমত 287 হাজাৰ হেক্টৰ গছ বিলুপ্ত হৈছে ৷ বিপৰীতে ভাৰতে প্ৰতি বছৰে 2,159,420,898 জোপা গছ পুলি ৰোপণ কৰি দ্বিতীয় স্থানত আছে ৷ ইয়াৰে মুঠ 3854 টা বিশেষ প্ৰজাতিৰ গছ অসমত ৰোপন কৰা হৈছে যাৰ 25.12 শতাংশ গছ গাঁও অঞ্চলত ৰোপণ কৰা হৈছে । সামাজিক বনানিকৰণৰ জৰিয়তে চৰকাৰে প্ৰতি বছৰে গছ পুলি ৰোপন কৰাৰ বাবে এক বৃহৎ পৰিমাণৰ পুঁজি আৱণ্টন দিয়ে ৷ কিন্তু সংশ্লিষ্ট বিভাগে বাজেটৰ জৰিয়তে আৱণ্টন হোৱা বৃহৎ ধন মাত্ৰ দুই চাৰি জোপা গছ পুলি ৰুই উদং কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগত পঢ়ক :World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details