অসম

assam

ETV Bharat / state

তেজপুৰত উদযাপন বিশ্ব ধৰিত্ৰী দিৱস - world earth day 2022

তেজপুৰত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন (World earth day 2022 celebrated in Tezpur)। বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰত অসম ভেলি চিনিয়ৰ একাডেমীয়েও বিজ্ঞান শাখাৰ সহযোগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু পোষ্টাৰ বনোৱা প্ৰতিযোগিতা আয়োজন ৷

World Day celebrated in Tezpur
তেজপুৰত উদযাপন বিশ্ব ধৰিত্ৰী দিৱস

By

Published : Apr 22, 2022, 7:24 PM IST

তেজপুৰ, ২২ এপ্ৰিল :আজি ২২ এপ্ৰিল অৰ্থাৎ বিশ্ব ধৰিত্ৰী দিৱস । প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে বিশ্বজুৰি সচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰত্যেক বছৰৰ দৰে আজিও সমগ্ৰ বিশ্বতে পালন কৰা হয় ধৰিত্ৰী দিৱস । সমান্তৰালকৈ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত উদযাপিত হৈ আহিছে এই দিৱস । এই বিশেষ দিনটোতে পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিশেষ কাৰ্যসূচী পালন কৰা হয় ।

পৰিবেশ সংৰক্ষণৰ এই অভিযানৰ অংশীদাৰ হিচাপে শুকুবাৰে তেজপুৰৰ অসম ভেলি চিনিয়ৰ একাডেমীয়েও বিজ্ঞান শাখাৰ সহযোগত আয়োজন কৰিছে আন্তঃ জিলা/ আন্তঃমহাবিদ্যালয় ভিত্তিত এলানি প্ৰতিযোগিতা (World Earth Day celebrated in Tezpur)। ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা আৰু দশম মানৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পোষ্টাৰ বনোৱা প্ৰতিযোগিতাত বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

তেজপুৰত উদযাপন বিশ্ব ধৰিত্ৰী দিৱস

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ (Indian playwright Jyoti Prasad Agarwala) ধৰণী ধুনীয়া কৰাৰ মন্ত্ৰৰে শুকুৰবাৰে তেজপুৰৰ একাংশ শিক্ষাৰ্থীয়ে ৰং তুলিকাৰ সৈতে তেজপুৰৰ চিত্ৰলেখা উদ্যানত সৃষ্টি কৰিলে এক অনন্য পৰিৱেশ ৷ এই প্ৰতিযোগিতাখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ মুৰব্বী অধ্যাপক দেবেন চন্দ্ৰ বৰুৱাই পৰিৱেশ সজাগতাৰ ওপৰত অতি সাৱলীল ভাষণ প্ৰদান কৰে ৷

ইফালে প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট চিত্ৰশিল্পী, লেখক হৰেশ্বৰ শইকীয়া আৰু চিত্ৰকলা তথা ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাস । প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী, শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি দেৱে । আনহাতে, মুখ্য হিচাপে অংশগ্ৰহণ কৰা অধ্যাপক দেৱেন চন্দ্র বৰুৱাই ঘৰুৱা ব্যৱহৃত পেলনীয়া সামগ্ৰীসমূহৰ কেনেদৰে পূৰ্ণ ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৷

এই অনুষ্ঠানতে শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক অভিজিৎ কলিতাই ছাত্ৰ অৱস্থাতেই শিক্ষাৰ্থী সকলৰ মগজুত পৰিৱেশ সুৰক্ষাৰ বীজ ৰোপণৰ বাবে বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :এতিয়া আৰু কংগ্ৰেছ নচলে সেয়ে সকলোৱে কংগ্ৰেছ এৰিছে: অতুল বৰা

ABOUT THE AUTHOR

...view details