তেজপুৰ, ১ ডিচেম্বৰ:সমগ্ৰ বিশ্বতে আজি বিশ্ব এইডছ দিৱস পালন কৰিছে (World Aids Day 2022)৷ এই দিৱসত এইডছ কন্ট্ৰ’ল ছচাইটিয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে । বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তেজপুৰত জিলা এইডছ কন্ট্ৰ’ল সন্থাই সজাগতা সৃষ্টিৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ (Tezpur Kanaklata Civil hospital) পৰা এক শোভাযাত্ৰা উলিয়াই ৷ তেজপুৰ আদালতৰ জিলা ছেশ্যন ন্যায়াধীশ চত্ৰভূষণ গগৈ আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (DC Deba Kumar Mishra) যুটীয়াভাৱে এই শোভাযাত্ৰা মুকলি কৰে (World Aids Day 2022 observed in Tezpur)।
মনকৰিবলগীয়া যে অসমত বিগত পাঁচ বছৰৰত ক্ৰমাগতভাৱে এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে । আনহাতে ভাৰতবৰ্ষত বিশ্বৰ অন্যান্য দেশৰ তুলনাত যথেষ্ট পৰিমাণে কমিছে । শোভাযাত্ৰা মুকলি কৰি ন্যায়াধীশ চত্ৰভূষণ গগৈয়ে লগতে কয় যে ভাৰতবৰ্ষত স্বাস্থ্য বিভাগে এই ব্যাধি হ্ৰাস কৰিবলৈ সক্ষম হৈছে গোলকীয় পৰিসংখ্যাৰ তুলনাত ৷ এইডছ (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ত বা অৰ্জন কৰি লোৱা ৰোগ ৷ Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে ৷
প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে। তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়। বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাছ, বেক্টেৰিয়া, প্ৰট'জ'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক অনবৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷
এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে ৷ তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে ৷ শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয়। Deficiency-য়ে অভাৱ বুজায় আৰু Syndrome মানে লক্ষণ।