তেজপুৰ, ৮ নৱেম্বৰ:পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত সোমবাৰে পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আঞ্চলিক পৰ্যালোচনা কৰ্মশালা অনুষ্ঠিত হয় (Workshop on Family Planning)। অৰুণাচল প্ৰদেশৰ এন এইচ এমৰ ৰাজ্যিক স্বাস্থ্য সমিতিৰ উদ্যোগত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হয় (State Health Committee of NHM Arunachal)।
কেন্দ্ৰীয় মানসিক স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰালয়ৰ উপদেষ্টা ডাঃ এছ কে ছিকদাৰে (Ministry of Mental Health and Family Planning) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া ডাঃ নিধি ভাট আৰু মাতৃ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ উপদেষ্টা ড৹ প্ৰগতি সিং অতিথি হিচাপে উপস্থিত থাকে (Maternal Health and Family Planning) । অসম,মণিপুৰ,মিজোৰাম,মেঘালয় আৰু ছিকিমৰ প্ৰতিনিধিৰ উপৰি ড৹ ৱাংদি লামা, ডাঃ এম্পিং পাৰ্মে, ডাঃ ৰুণী তাছুং আদিয়ে অংশগ্ৰহণ কৰে ।
উক্ত কৰ্মশালাত ২ নৱেম্বৰত অকালতে মৃত্যুবৰণ কৰা অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ (প্লেনিং) উপদেষ্টা জাম্ব তাছিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় । অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ড৹ এমি ৰুমীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰালয়ৰ বিষয়াসকলৰ লগতে অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ছিকিমৰ প্ৰতিনিধিসকলক আদৰণি জনায় ।