অসম

assam

ETV Bharat / state

উপায়ুক্তক আবেদনঃ প্ৰাপ্যৰ পৰা বঞ্চিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ কৰ্মচাৰী - উপায়ুক্তক আবেদন:প্ৰাপ্যৰ পৰা বঞ্চিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ কৰ্মচাৰী

কোভিড ১৯ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ মজুৰি কৰ্তনক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰ্মীসকলৰ ৷ এই কামত জড়িত প্ৰায় 40 গৰাকী কৰ্মচাৰীয়ে দৈনিক মজুৰি কৰ্তনৰ বিৰুদ্ধে বুধবাৰে এক আবেদন দাখিল কৰে শোণিতপুৰ জিলাৰ উপায়ুক্তক ৷

workers of quarantain centre facing problem in Tezpur assam etv bharat news
প্ৰাপ্যৰ পৰা বঞ্চিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ কৰ্মচাৰী

By

Published : Jul 22, 2020, 3:19 PM IST

তেজপুৰ,22 জুলাই: তেজপুৰস্থিত ক'ভিড ১৯ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ মজুৰি কৰ্তনক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰ্মীসকলৰ ৷ এই কামত জড়িত প্ৰায় 40 গৰাকী কৰ্মচাৰীয়ে দৈনিক মজুৰি কৰ্তনৰ বিৰুদ্ধে বুধবাৰে এক আবেদন দাখিল কৰে শোণিতপুৰ জিলাৰ উপায়ুক্তক ৷

প্ৰাপ্যৰ পৰা বঞ্চিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ কৰ্মচাৰী

ভুক্তভোগী দলটোৱে বিগত সময়চোৱাত মাত্ৰ ৫০০ টকাৰ বিনিময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপৰিও বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ তথ্য সংযোগৰ কাম কৰি আহিছিল ৷ সেই অনুসৰি এগৰাকী লোকে মাহেকত লাভ কৰিব লাগে 15,000 হাজাৰ টকাৰ মজুৰি ৷ কিন্তু কৰ্মীসকলৰ বেতনৰ পৰা মধ্যভোগীয়ে প্ৰায় ৪ হাজাৰ টকাকৈ কৰ্তন কৰি প্ৰাপ্যৰ পৰা কৰ্মীসকলক বঞ্চিত কৰাৰ এক অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে,এই অনিয়মীয়া পদসমূহ পূৰণৰ বাবে জিলা প্ৰশাসনে এক নিবিদা আৱণ্টন দিছিল ৷ কৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি কেৰেপ নকৰি নিজৰ জীৱন বিপদাপন্ন কৰি প্ৰশাসনৰ কামত সহায় কৰা কৰ্মচাৰীসকলে সম্প্ৰতি প্ৰাপ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হোৱা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃলংগাই নৈৰ খহনীয়াৰ কবলত কৰিমগঞ্জৰ বৃহত্তৰ অঞ্চল

ABOUT THE AUTHOR

...view details