অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ শ্ৰমিকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব - কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি

যিসময়ত সকলো ধৰণৰ ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে তেনে সময়তে ৰঙাপৰাৰ এক নিৰ্মাণস্থলীত নিয়োজিত শ্ৰমিক সকলৰ মুখত দেখা পোৱা নগ'ল মাস্ক ।

ৰঙাপৰাৰ শ্ৰমিকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব
ৰঙাপৰাৰ শ্ৰমিকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব

By

Published : Apr 30, 2021, 12:47 PM IST

ৰঙাপৰা, 30 এপ্ৰিল: ৰাজ্যত দ্ৰুত হাৰত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন বলবৎ কৰিছে যদিও ইয়াক লৈ সজাগ নহয় একাংশ লোক ৷ প্ৰশাসনৰ সকলো নিৰ্দেশনা আওকাণ কৰি একাংশই ভংগ কৰিছে ক'ভিড প্ৰট'কল ৷

ৰঙাপৰাৰ শ্ৰমিকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব

ৰঙাপৰাত একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ৰঙাপৰাৰ শ্মাশান ঘাটৰ সমীপত থকা মা কালি উদ্যান টাউন হলৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা শ্ৰমিকসকলে ভংগ কৰিলে প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা ৷

যি সময়ত সকলো ধৰণৰ ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে তেনে সময়তে নিৰ্মাণস্থলীত নিয়োজিত শ্ৰমিক সকলৰ মুখত দেখা পোৱা নগ'ল মাস্ক । আৰ্শীবাদ নামৰ সংস্থাটোৰ অধীনত কৰ্মৰত শ্ৰমিকসকলে চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে যদিও সাংবাদিকৰ কেমেৰা দেখাৰ লগে লগে মাস্ক পৰিধান কৰে সকলোৱে ৷

লগতে পঢ়ক: কৰ’ণাক্ৰান্ত মৃতদেহ সৎকাৰৰ পৰা বঞ্চিত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details