তেজপুৰ, ১০ মে': ‘‘অনাহকত ঘৰৰ বাহিৰলৈ নাযাব । এসাঁজ নোখোৱাকৈয়ো থাকিব বাছি থাকিব । নাখায় নমৰে কিন্তু বেমাৰত পৰিলে অকালতে হেৰুৱাব পাৰে আপোন জনক । মই মোৰ স্বামীক হেৰুৱালোঁ গতিকে আৰু যাতে কোনেও কাকো হেৰুৱাব নালাগে ৷’’ ৰাইজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ ৷
ক’ভিডত স্বামীক হেৰুৱাই সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ - সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ
তেজপুৰৰ বিশিষ্ট গীটাৰ বাদক তথা শিক্ষক প্ৰতিম বৰদলৈয়ে ক’ভিড -১৯ আক্ৰান্ত হৈ দুদিন পূৰ্বে প্ৰাণ হেৰুৱাইছিল । প্ৰয়াত বৰদলৈৰ কবিতা শৰ্মাই এক ভিডিঅ বাৰ্তা প্ৰেৰণ কৰিছে ৰাইজলৈ ,যে কোভিড -১৯ ক সহজ ভাবে নল’ব ।
![ক’ভিডত স্বামীক হেৰুৱাই সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ covid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11713732-thumbnail-3x2-bghj.jpg)
covid
ক’ভিডত স্বামীক হেৰুৱাই সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ
উল্লেখযোগ্য যে, তেজপুৰৰ বিশিষ্ট গীটাৰ বাদক তথা শিক্ষক প্ৰতিম বৰদলৈয়ে ক’ভিড -১৯ আক্ৰান্ত হৈ দুদিন পূৰ্বে প্ৰাণ হেৰুৱাইছিল । তেওঁৰ পত্নী আৰু একমাত্ৰ কন্যাও সম্প্ৰতি ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড কক্ষৰ পৰা প্ৰয়াত বৰদলৈৰ কবিতা শৰ্মাই এক ভিডিঅ বাৰ্তা প্ৰেৰণ কৰিছে ৰাইজলৈ ,যে ক’ভিড -১৯ ক সহজ ভাবে নল’ব ।
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে কেশৱধামত উপস্থিত ডঃ হিমন্ত বিশ্ব শৰ্মা