ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ ৰঙাপৰা, ৫ অক্টোবৰ :‘‘ৰাজ্যৰ মহিলা আৰু শিশুসকলক কেনেদৰে শাৰীৰিক আৰু মানসিক দিশত আগুৱাই নিব পাৰে, সেই ক্ষেত্ৰত বিজেপি চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি আহিছে । আমাৰ ৰাজ্যৰ মহিলাসকল শক্তিশালী হ’লেহে সমাজখন অধিক শক্তিশালী হ’ব । মই বিত্তীয় বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচত ২০২১-২২ বৰ্ষত এখন মমতাময়ী মাতৃ হিচাপে মহিলাসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি এখন বাজেট বিধানসভাত দাখিল কৰিছিলো । বাজেটখনৰ জৰিয়তে অসমখনক এখোজ নিবলৈ সক্ষম হৈছো । আমাৰ চৰকাৰৰ দিনত শিশু আৰু মহিলাসকলৰ কথা বিশেষভাৱে চিন্তা কৰি আহিছে ।’’ এই মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ ।
অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি অসমৰ চাহ বাগিচা অঞ্চলত মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰি হৈছে । সেই উদ্দেশ্যে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলবাৰীতো বুধবাৰে চাহ বাগিচাত মহিলা সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ বাবে আয়োজন কৰা হয় এক জনসভা । দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সভাখনত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ ৷
জনসভাৰ কাৰ্যসূচীৰ অনুসৰি পতাকা উত্তোলন আৰু গছপুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে মহিলা আৰু শিশু বিকাশৰ মন্ত্ৰী অজন্তা নেওগে । ইয়াৰ পিচতে মন্ত্ৰী অজন্তা নেওগে সভাস্থলীত অংগনবাড়ী কৰ্মীসকলে স্থাপন কৰা মিছন পোষণ ২.০, সক্ষম অংগনাবাদী, মিছন শক্তি, গ্ৰাম্য স্বাস্থ্য অনাময় পুৰিপুষ্টি দিৱস আৰু ৰক্তহীনতা পৰিক্ষণ শিবিৰৰ ষ্টলসমূহ পৰিদৰ্শন কৰে । মূল সভাখন আৰম্ভ হোৱা পূৰ্বে অতিথি আৰু উপস্থিত ৰাইজে জাতীয় সংগীত পৰিৱেশন কৰে ।
জনসভাত মুখ্য অতিথি হিচাপে মহিলা আৰু শিশু বিকাশৰ মন্ত্ৰী অজন্তা নেওগ আৰু অতিথি হিচাপে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰণি উপস্থিত থাকে ।
সভাত মুখ্য অতিথি হিচাবে উপস্থিত থকা মন্ত্ৰী অজন্তা নেওগে ভাষণ প্ৰসংগত কয় যে ৰাজ্যত মহিলা আৰু শিশু মৃত্যুৰ হাৰৰ সংখ্যা হ্ৰাস কৰিব লাগিব । এই ক্ষেত্ৰত চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আহিছে । এগৰাকী মহিলাক মাতৃ, ধৰিত্ৰী, দুৰ্গা বুলি কোৱা হয় । ৮০ শতাংশ কামৰ বোজা এগৰাকী মহিলাই সূচাৰুৰূপে পালন কৰে । প্ৰত্যেক গৰাকী মহিলা সুস্থ-সবল হৈ জীয়াই থাকিব লাগিব ।
লগতে তেওঁ কয়, ‘‘চাহ বাগিচাৰ অঞ্চলত মহিলাসকলে পুষ্টিকৰ আহাৰ গ্ৰহণ নকৰে । এগৰাকী গৰ্ভৱতী মহিলাই স্বাস্থ্য সন্মত শিশু জন্ম দিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব । মই ২৩ বছৰ বিধায়ক হৈ থকাৰ সময়ত উষা চাহ বাগিচাত বহু শ্ৰমিকৰ অকালত মৃত্যু হোৱা দেখিছো । মহিলাসকলে বিধবা সাজ পৰিধান কৰি জীৱন অতিবাহিত কৰা দৃশ্য দেখিলে মোৰ বহুত বেয়া লাগে’’ ।
তেওঁ আৰু কয়, ‘‘চাহ বাগিচা অঞ্চলত মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰি লাগিব । চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনসমূহে মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰক । মাদ্ৰক দ্ৰব্য বৰ্জন হ’লেহে চাহ জনগোষ্ঠীৰ ৰাইজে আগুৱাই যাব । তাৰ সমান্তৰালভাৱে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষা গ্ৰহণ কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা কেৱল চৰকাৰী চাকৰি পোৱাৰ আশাৰে শিক্ষা গ্ৰহণ কৰিব নালাগে । অৱশ্যে বৰ্তমানৰ সময়ত বাগিচাসমূহত শিক্ষাৰ ব্যৱস্থা উন্নয়ন হ’বলৈ ধৰিছে । আমাৰ সমাজখন স্বাস্থ্য, শিক্ষাই পৰিৱৰ্তন কৰিব । চাহ বাগিচাৰ অঞ্চলত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব’’ ।
মন্ত্ৰী অজন্তা নেওগে কয় যে শিশুসকলক স্বাস্থ্যৱান কৰি তোলাৰ লক্ষ্যৰে সমাজ কল্যাণ বিভাগটোৱে পুষ্টিকৰ খাদ্য যোগদান ধৰি আহিছে । চৰকাৰে যোগান ধৰা পুষ্টিকৰ খাদ্যবোৰ নিজৰ সন্তানসকলক খোৱাৰ ব্যৱস্থা কৰিবলৈ মাতৃসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । অংগনবাড়ী কেন্দ্ৰবোৰ পৰ্যবেক্ষণ কৰিবলৈ সাংবাদিকসকলকো তেওঁ আহ্বান জনায় । বিশ্বৰ দৰবাৰত অসমখনক চিনাকি কৰি দিয়া চাহ বাগিচাসমূহক আৰু অধিক উন্নয়নশীল কৰিব লাগিব । চাহ বাগিচা অঞ্চলৰ ৰাইজৰ কথা বিজেপি চৰকাৰখনে চিন্তা কৰি আহিছে । চৰকাৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগটোৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
সভাৰ আদৰণি ভাষণত মহিলা আৰু শিশু বিকাশৰ সঞ্চালক বিভাষ মোদীয়ে কয়, ‘‘চাহ বাগিচা অঞ্চলৰ মহিলাসকলৰ স্বাস্থ্যৰ বুজ লোৱা, পুষ্টিহীনতাৰ পৰা দূৰ কৰা, ৰক্তহীনতা দূৰ কৰা, সময়ত আইৰণ টেবলেট সেৱন কৰা, চৰকাৰী আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিছে নে নাই সেই উদ্দেশ্যৰে আজিৰ সভাখন অনুষ্ঠিত কৰা হৈছে । এটা শিশু জন্ম হোৱাৰ দিনৰ পৰা এক হাজাৰ দিনলৈকে অংগনবাড়ীৰ কৰ্মীসকলে চোৱা-চিতা কৰে । কম বয়সত বিয়া হোৱা এগৰাকী মাতৃয়ে কেতিয়াও এটা সুষ্ঠ সন্তান জন্ম দিব নোৱাৰে’’ ।
লগতে তেওঁ কোনো মহিলা বা কিশোৰীসকলে অসুৰক্ষিত অনুভৱ কৰিলে ১৮১ নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় । সভাৰ মাজত কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পই বাল্য বিবাহৰ সন্দৰ্ভত পুতুলা নাচৰ জৰিয়তে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে ।
ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে কয়, ‘‘চাহ বাগিচাৰ অঞ্চলৰ এনেকুৱা সজাগতা সভাৰ অনুষ্ঠিত হোৱাৰ অতি প্ৰয়োজন আছে । মহিলা সবলীকৰণ, শিশু উন্নয়ন আৰু শিক্ষাৰ দিশত আগুৱাই নিয়া ভাৰতীয় জনতা পাৰ্টীয়ে সক্ষম হৈছে । চাহ বাগিচা অঞ্চলত শোষণ আৰু বঞ্চনাৰ বিপৰীতে এতিয়া চাহ বাগিচাৰ ৰাইজে সপোন দেখিবলৈ ধৰিছে । চাহ বাগিচাৰ উদ্যোগটোৰ সৈতে আমাৰ মহিলাসকল জড়িত আছে’’ ।
তেওঁ কয়, ‘‘চাহ বাগিচাত উচ্চ শিক্ষানুষ্ঠান গঢ়ি উঠিছে । আজি বিজেপি চৰকাৰখনে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাত চাহ শ্ৰমিক ৰাইজ উৎফুল্লিত হৈ পৰিছে । কিন্তু ৬০ বছৰে কংগ্ৰেছ চৰকাৰখনৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে । ৰক্তহীনতা আৰু পুষ্টিহীনতা ভুগি থকা মহিলাসকলৰ কথা কংগ্ৰেছে চিন্তা কৰিবলৈ আঁহৰি নাপালে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে’’ ।
তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ভাষণ প্ৰসংগত কয়, ‘‘আমাৰ ৰাজ্যখন নতুন পৰিকল্পনাৰে আগুৱাই নিব লাগিব । অমৃত কালত চাহ বাগিচাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাটো অতি প্ৰয়োজন আছে । সজাগতাৰ অভাৱত অসমৰ চাহ বাগিচাসমূহত ১৬ বছৰৰ বয়সত বিয়া হৈছে । ৰক্তহীনতা ভূগিছে মহিলা-কিশোৰীসকল । চাহ বাগিচা অঞ্চলত পথ, শিক্ষা, বিনামূলীয়া, স্বাস্থ্য, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে’’ ।
তেওঁ কয়, ‘‘যিটো জাতিয়ে কৰম পূজা কৰে, বৃহৎ মাটিত গছ পুলি ৰোপন কৰে সেইজন শ্ৰমিকৰ ঘৰত গছপুলি ৰোপণ কৰক । বাট-পথ উন্নয়ন হ’লে সমাজখন উন্নয়ন হোৱাটো নুবুজায় । চৰকাৰী আঁচনিয়ে মানুহক কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে । মানুহৰ মন পৰিবৰ্তন কৰক । ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰখন কঠোৰ হৈছে । আমাৰ ৰাজ্যখন আগুৱাই নিব হ’লে বাল্য বিবাহ বন্ধ কৰিব লাগিব । আমাৰ সমাজ আগুৱাই নিবলৈ সকলোৱে আগবাঢ়ি আহিব লাগিব ৷ তেতিয়াহে সাৰ্থক হ’ব । কংগ্ৰেছৰ দিনৰ চাহ বাগিচাত অঞ্চলত সজাগতা সভাৰ বিপৰীতে কেৱল ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছিল । চাহ বাগিচাত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব লাগিব ৷ কাৰণ আজিৰ কিশোৰীসকলে এদিন সমাজখনক নেতৃত্ব দিব’’ ।
লগতে পঢ়ক :Sanjay Singh arrest : ED হাতত গ্ৰেপ্তাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং