অসম

assam

ETV Bharat / state

থলুৱা গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট একাংশ মহিলাৰ

দুই সহস্ৰাধিক গঞা মহিলা দিনে নিশাই ব্যস্ত হৈ পৰিছে তাঁতশালত ৷ থলুৱা গামোচা বিক্ৰীৰে বছৰি উপাৰ্জন কৰিছে সত্তৰ লাখ টকা ৷ লক্ষ্য আগন্তুক পাঁচ বছৰত অসমৰ গামোচাৰ বজাৰ দখল কৰা ৷

By

Published : Jun 29, 2019, 12:21 PM IST

গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

তেজপুৰ, 29 জুন : অসমীয়া স্বাভিমানৰ প্ৰতীক থলুৱা গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট চতিয়া সমষ্টিৰ একাংশ মহিলাৰ ৷ কন্যকা বোৱা কটা সমবায় সমিতিৰ জৰিয়তে তাঁতশালত ৰচিছে সপোন ৷ লক্ষ্য আগন্তুক পাঁচ বছৰত থলুৱা গামোচাৰে অসমৰ গামোচাৰ বজাৰ দখল কৰা ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত বিগত বৰ্ষত জামুগুৰিহাটৰ মাৰ্কেটিং চছাইটিৰ চৌহদত গঢ়লৈ উঠা কন্যকা বোৱা কটা সমবায় সমিতিয়ে ইতিমধ্যে অসমৰ বজাৰলৈ মুকলি কৰি দিছে পঞ্চাশ হাজাৰ থলুৱা গামোচা ৷

গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

সমবায়টোৰ পৰিচালিকা ৰাজশ্ৰী বৰা আৰু অলংকাৰীক পৰিচালিকা লুণা বৰুৱাই জনোৱা তথ্য অনুসৰি,বৰ্তমান সমবায়খনত এশখনৰো অধিক মাইনাও আৰু উইভিং শালত সমষ্টিটোৰ কুৰিৰো অধিক গাঁৱৰ শতাধিক মহিলা জড়িত হৈ আছে ৷ একোখন শালত ফুল নাথাকিলে ছয়খন আৰু ফুল থাকিলে দিনে তিনিখনকৈ গামোচা উৎপাদন কৰা হয় ৷ কন্যকাৰ এই গামোচা সমূহ গুৱাহাটী,লখিমপুৰ,মংগলদৈ,ৰঙিয়া,নগাঁও,মৰিগাঁও বিশ্বনাথ,শোণিতপুৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয় ৷

গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

সমষ্টিটোৰ গঞা মহিলাসকলক বোৱা-কটাৰ উন্নত প্ৰশিক্ষণ প্ৰদান কৰি এই কন্যকা সমবায় সমিতিত শিপিনী হিচাপে জড়িতকৰণৰ থলুৱা গামোচাসমূহ বিক্ৰী কৰি মহিলাসকলে যথেষ্টভাৱে উপকৃত হোৱাৰ লগতে স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে তেওঁলোকে ৷ ইপিনে গামোচাৰ উপৰিও তাঁতশাল সমূহত বৰ্তমানে চেলেং,চাদৰ,মেখেলাকে ধৰি ভিন্ন জনজাতীয় সাজপাৰ উৎপাদনো কৰে মহিলাসকলে ৷ এনেদৰেই এতিয়া বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত মহিলাসকলে বিচাৰি পাইছে উপাৰ্জনৰ পথ ৷

গামোচা বিক্ৰীৰে স্বাৱলম্বিতাৰ বাট

ABOUT THE AUTHOR

...view details