অসম

assam

ETV Bharat / state

Manipur Violence : মণিপুৰত হাতত জোঁৰ লৈ বৃহৎ মানৱ শৃংখল

COCOMI-ৰ উদ্যোগত মেইটেই অধ্যুষিত অঞ্চল তথা সমগ্ৰ মণিপুৰ উপত্যকাজুৰি মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা হয় । হাতে হাতে পৰম্পৰাগত জোঁৰ লৈ দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা ৮ বজালৈকে এই মানৱ শৃংখলা প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

Manipur Violence
Manipur Violence

By

Published : Jun 19, 2023, 1:10 PM IST

তেজপুৰ, ১৯ জুন : শান্ত হোৱা নাই মণিপুৰ । ৰাজ্যখনত এতিয়াও বিৰাজ কৰি আছে হিংসাত্মক ঘটনা । মণিপুৰৰ হিংসা ৰোধ কৰিবলৈ চৰকাৰী স্তৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যখনৰ বিভিন্ন সামাজিক সংগঠনকো শান্তি প্ৰতিষ্ঠাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । তাৰ মাজতো কিন্তু এতিয়াও উত্তপ্ত হৈ আছে মণিপুৰ । আনহাতে, সমান্তৰালভাৱে মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদো চলি আছে । এইবাৰ মণিপুৰৰ নাৰী সমাজ তথা যুৱক-যুৱতীসকল ওলাই আহিছে এই হিংসাত্মক ঘটনাৰ অৱসান বিচাৰি । সাব্যস্ত কৰিছে প্ৰতিবাদ ।

মণিপুৰৰ পৰম্পৰাগত জোঁৰ 'মেইৰা' হাতত লৈ শনিবাৰে ইম্ফলৰ ৰাজপথলৈ ওলাই আহি বৃহৎ মানৱ শৃংখল গঠন কৰে মহিলা তথা যুৱক-যুৱতীসকলে । COCOMI অৰ্থাৎ মণিপুৰৰ একতাৰ বাবে সমন্বয় সমিতিৰ (Coordinating Committee on Manipur Integrity) উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচী বিশ্বজুৰি ইউৰোপ, আটলান্টিক মহাসাগৰ, জাৰ্মানী, বাংলাদেশ, লণ্ডন, আমেৰিকাকে ধৰি বহু দেশত ৰূপায়ণ কৰা হয় । ইয়াৰ উপৰি অসম, দিল্লী, মুম্বাই, ইন্দোৰ আৰু আগৰতলাৰ দৰে মণিপুৰী লোকসকলে বাস কৰা স্থানবোৰতো এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । প্ৰতিবাদকাৰীসকলে ভুৱা প্ৰচাৰ বন্ধ কৰক, মেইটেইক বচাওক, আমি শান্তি বিচাৰোঁ, আমাক নাৰ্কো সন্ত্ৰাসবাদীৰ পৰা বচাওক আদি বিভিন্ন শ্লোগান দিয়ে ।

উল্লেখ্য, বিগত প্ৰায় ৬ সপ্তাহ ধৰি মণিপুৰত হিংসাৰ জুই জ্বলি আছে । ৩ মে'ত আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ আৰম্ভণি আছিল মণিপুৰ উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে আহ্বান জনোৱা অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়ন, মণিপুৰৰ প্ৰতিবাদী কাৰ্যসূচী । উল্লেখ্য, মণিপুৰ হাইকোৰ্টে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ (এছ টি) মৰ্যাদা প্ৰদানৰ দাবী বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু মেইটেইসকলৰ এই দাবীৰ প্ৰতিবাদত বন কাৰ্যালয় জ্বলাই দিয়াৰ লগতে চুৰাচান্দপুৰ জিলাত সৃষ্টি হয় হিংসাত্মক ঘটনা ।

আনহাতে, সমদলটোৰ পিছদিনা কুকি অজ্ঞাত দুৰ্বৃত্তই শতবাৰ্ষিকী তোৰণ জ্বলোৱাৰ প্ৰয়াসৰ প্ৰতিশোধ স্বৰূপে চুৰাচান্দপুৰ আৰু কাষৰীয়া মেইটেই বসতিস্থানসমূহত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । ইফালে বিষ্ণুপুৰ আৰু ইম্ফল অঞ্চলৰ কুকি বসতিস্থানতো একে নিশাই মেইটেইসকলে প্ৰতিশোধমূলক হিংসা আৰম্ভ কৰে । তেতিয়াৰে পৰাই এক যুদ্ধসদৃশ পৰিস্থিতিৰ মাজেৰে গৈ আছে সমগ্ৰ মণিপুৰ । মণিপুৰৰ এই সংকটক সংখ্যাগৰিষ্ঠ ধৰ্মীয় গোটৰ দ্বাৰা এটা সংখ্যালঘু গোটৰ ওপৰত চলোৱা জাতিগত আক্ৰমণ হিচাপে সাম্প্ৰদায়িক দৃষ্টিকোণৰ ৰহনসনা হয় । কিন্তু এই জাতিগত হিংসাত ক্ষতিগ্ৰস্ত হৈছে দুয়োটা সম্প্ৰদায়েই ।

লগতে পঢ়ক :Manipur violence: মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পৰা সহায় ভিক্ষা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

ABOUT THE AUTHOR

...view details