অসম

assam

ETV Bharat / state

শোণিতপুৰৰ ন বিলত ৪০০ মহিলাৰ সেউজ বিপ্লৱৰ সুচনা - শোণিতপুৰৰ ন বিল

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিহগুৰিৰ পুঠিমাৰীত চাৰিশৰো অধিক উদ্যমী মহিলাৰে গঠিত জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ(Agricultural revolution of women) । বিহগুৰিৰ পুঠিমাৰী, বাপুভেটি, ন-বিলকে ধৰি ২৫ খন গাঁৱৰ উদ্যমী মহিলাসকলে কৃষিৰ জড়িয়তে গঢ়ি তুলিছে অন্যন্য নিদৰ্শন(Women trying to become self reliant) ।

women agricultural revolution in sonitpur
শোণিতপুৰৰ ন বিলত ৪০০ মহিলাৰ সেউজ বিপ্লৱ সুচনা

By

Published : Sep 19, 2022, 10:14 PM IST

তেজপুৰ, ১৯ ছেপ্টেম্বৰ: সোমবাৰে জিলা কৃষি বিভাগৰ উদ্যোগত NFSM(National Food Security Mission) আঁচনিৰ অধীনত আৰু জয়মতী কৃষি উৎপাদক গোটৰ সহযোগত প্ৰায় ৩৫০ বিঘা মাটিত মাটি মাহৰ বীজ সিঁচাৰ শুভাৰম্ভ কৰা হয়(Agricultural revolution of women) । জিলা কৃষি বিষয়া পংকজ শইকীয়াই APART ৰ বিষয়ববীয়াসকলৰ উপস্থিতিত জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজেই ট্ৰেক্টৰ চলাই যান্ত্ৰিক পদ্ধতিৰে মাটি মাহৰ বীজ সিঁচি মহিলাসকলক উৎসাহিত কৰে ।

বিগত বৰ্ষত এশ বিঘা মাটিত ৰঙালাও, ৮০০ বিঘা মাটিত সৰিয়হ আৰু ২০ বিঘা মাটিত আলু খেতি কৰি প্ৰায় ২৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা জয়মতী কৃষি উৎপাদক গোটে ন বিল গাভৰু কৃষি মহিলা উৎপাদক গোট আৰু জননী কৃষি মহিলা উৎপাদক গোটৰ সহযোগত মহিলাসকলে নিজেই ট্ৰেক্টৰেৰে হাল বাই মাটি মাহৰ খেতি আৰম্ভ কৰিছে(Women trying to become self reliant) ।

জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজে ট্ৰেক্টৰ চলাই মাটি মাহৰ বীজ সিঁচে

কৃষি উৎপাদক গোটটোৰ চাৰিশ মহিলাই দুগুণ উৎসাহেৰে কৃষি কাৰ্য্যত জড়িত হৈ এই বৰ্ষত ৩৫০ বিঘা মাটিত মাটি মাহ, ১০০বিঘা মাটিত আলু, ২০০০ বিঘা মাটিত সৰিয়হ আৰু ১০০০ বিঘা মাটিত ৰঙালাও খেতিৰ কাম আৰম্ভ কৰিছে (Women farming in Sonitpur) । সোমবাৰে ন বিলত ৭০ বিঘা মাটিত জয়মতী কৃষি উৎপাদক গোটৰ সম্পাদিকা কমল কুমাৰী বড়োৱে নিজেই ট্ৰেক্টৰ চলাই মাটি মাহৰ বীজ সিঁচাৰ লগতে জিলা কৃষি বিষয়া পংকজ শইকীয়া আৰু কৃষি উৎপাদক গোটৰ অন্যান্য মহিলাসকলেও বীজ সিঁচা কাৰ্যত অংশগ্ৰহণ কৰে ।

জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ

উপস্থিত মহিলাসকলক উন্নত প্রযুক্তিৰে মাটিমাহ খেতি কৰাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে শোণিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ৰজি চুতীয়াই । লগতে ট্ৰেক্টৰত zero tillage seed drill লগাই কেনেকৈ মাটিমাহৰ খেতি কৰিব পাৰি এই বিষয়ে প্ৰশিক্ষণ আগবঢ়াই কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰ, বিশ্বনাথৰ বিষয়াসকলে ।

জয়মতী কৃষি উৎপাদক গোটৰ মাটিমাহৰ বীজ সিঁচাৰ শুভাৰম্ভণী

এই অনুষ্ঠানতে ৰাষ্ট্রীয় পোষণ মাহ উপলক্ষে শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত মহিলাসকলক সজাগ কৰাৰ উদ্দেশ্যে এখন সজাগতা সভাৰো আয়োজন কৰা হয় । এই সজাগতা অনুষ্ঠানতে শিশু, গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মহিলাসকলৰ পৰিপুষ্টি বিকাশৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে বিষদ বিৱৰণ আগবঢ়াই কৃষি আঁচনি বিষয়া ৰঞ্জিতা গোস্বামীয়ে ।

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন সোণোৱালৰ

ABOUT THE AUTHOR

...view details