এন আৰ চিৰ বাবে শোণিতপুৰত মহিলাই কৰা আত্মহননৰ অভিযোগ নসাৎ জিলা উপায়ুক্তৰ - TEZPUR
এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে শোণিতপুৰ জিলাত এগৰাকী মহিলাই কৰা আত্মহত্যাৰ লগত এন আৰ চিৰ যোগসূত্ৰ থকাৰ কথা অস্বীকাৰ জিলা উপায়ুক্তৰ ৷ ইফালে এন আৰ চিৰ সংক্ৰান্তত ভীতিগ্ৰস্ত হৈ মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলি মন্তব্য কৰিছে মহিলাগৰাকীৰ প্ৰতিৱেশীয়ে ৷
![এন আৰ চিৰ বাবে শোণিতপুৰত মহিলাই কৰা আত্মহননৰ অভিযোগ নসাৎ জিলা উপায়ুক্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4301345-thumbnail-3x2-sonitpurnrcsuicide.jpg)
তেজপুৰ, 31 আগষ্টঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে শনিবাৰে পুৱা শোণিতপুৰ জিলাৰ ডোলাবাৰীত এগৰাকী মহিলাই আত্মহননৰ পথ বাছি লোৱা কাৰ্যক নাগৰিকপঞ্জীৰ লগত যোগসূত্ৰ থকা বুলি সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ সময়তে শোণিতপুৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰে এই দাবী খণ্ডন কৰিছে ৷ উপায়ুক্ত গৰাকীয়ে জনায় যে জিলা প্ৰশাসনে লাভ কৰা তথ্যানুসৰি মহিলা গৰাকীয়ে দৰাচলতে এন আৰ চি প্ৰকাশৰ পুৱা নিৰ্ধাৰিত সময় 10 বজাতকৈ আগতেই আত্মহত্যা কৰিছিল ৷ তাৰোপৰি উপায়ুক্ত গৰাকীয়ে মহিলা গৰাকীক এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত বুলিও উল্লেখ কৰে ৷ ইফালে মহিলাগৰাকীৰ আত্মহননৰ ঘটনাক মহিলাগৰাকীৰ প্ৰতিৱেশীয়ে এন আৰ চিৰ লগত সম্পৰ্ক থকা বুলি মন্তব্য কৰে ৷ তথ্যানুসৰি এন আৰ চিৰ পূৰ্বে প্ৰকাশিত পূৰ্ণাংগ খচৰাত মহিলাগৰাকীৰ স্বামী আৰু দুই পুত্ৰৰ নাম নথকাত ভীতিগ্ৰস্ত হৈ আছিল মহিলাগৰাকী ৷ গতিকে চূড়ান্ত তালিকাত নাম কৰ্তন হোৱাৰ শংকাত আত্মহত্যাৰ পথ বাছি লোৱা বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷