তেজপুৰ,১৬ মাৰ্চঃ তেজপুৰৰ এগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই যৌন নিৰ্যাতন চলায় তেজপুৰ কমাৰ চুবুৰীৰ নিবাসী মইনুল হক নামৰ এগৰাকী ৫৮ বছৰীয়া ব্যক্তিয়ে ৷ প্ৰথমে যৌন নিৰ্যাতন, তাৰ পাছত মহিলা গৰাকীৰ অশ্লীল ভিডিঅ' দৃশ্য গ্ৰহণ আৰু তাৰ পিছত ব্লেক মেইলিঙৰ অভিযোগ । মহিলা গৰাকীৰ অশ্লীল ছবি এতিয়া মানুহৰ ম'বাইলে ম'বাইলে সহজলভ্য হৈ পৰিছে । মইনুল হক নামৰ ব্যক্তিজনে এই ছবিসমূহ দেখুৱাই তেওঁৰ লগত নৈশ যাপনৰ প্ৰস্তাৱ দিয়ে আনকি ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি মহিলাগৰাকীৰ সন্তান পঢ়ি থকা বিদ্যালয়তো এই অশ্লীল ছবি সমূহ বিতৰণ কৰিছে মইনুল হকে ।
মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগত তেজপুৰত আটক এজনক - মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিং
এগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক তেজপুৰ কমাৰ চুবুৰীৰ নিবাসী মইনুল হক নামৰ ৫৮ বছৰীয়া ব্যক্তিক । ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মইনুল হকক ৷

মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগত তেজপুৰত এজন আটক
মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগত তেজপুৰত আটক এজনক
ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩২৮/২৯৪/৫০৬ RW Section ৬৭ (A) I T ধৰাত পঞ্জী ভুক্ত গোচৰ নম্বৰ ৫০৬/২০২০ ৰ বিপৰীতে মইনুলক গ্ৰেপ্তাৰ কৰিছে ।
লগতে পঢ়কঃঅনিল আম্বানীলৈ চমন জাৰি ইডিৰঃ ইয়েছ বেংক
Last Updated : Mar 16, 2020, 5:32 PM IST