অসম

assam

ETV Bharat / state

তেজপুৰৰ মহিলা নিৰুদ্দেশ - মহিলা

অৰুণ বৰাৰ পত্নী নীলিমা বৰাই পুৱা 5 বজাত গণেশ মন্দিৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকে এই সম্পৰ্কে কছাৰীগাঁও আৰক্ষী চকীক একেদিনাই অৱগত কৰিছিল যদিও বৰ্তমানলৈকে 63 বছৰীয়া মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

তেজপুৰৰ মহিলা নিৰুদ্দেশ

By

Published : May 22, 2019, 7:56 PM IST

তেজপুৰ, 22 মে': তেজপুৰৰ কমাৰচুবুৰীৰ এগৰাকী মহিলা বিগত 2 মে'ৰ পৰা নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ পৰিয়াল ৷ অৰুণ বৰাৰ পত্নী নীলিমা বৰাই পুৱা 5 বজাত গণেশ মন্দিৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকে এই সম্পৰ্কে কছাৰীগাঁও আৰক্ষী চকীক একেদিনাই অৱগত কৰিছিল যদিও বৰ্তমানলৈকে 63 বছৰীয়া মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ প্ৰায় 5 ফুট উচ্চতাৰ মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ দিনা সেউজীয়া ৰঙৰ শাৰী পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল ৷ আনহাতে মহিলাগৰাকীৰ ম'বাইল ফোনটোও চুইছ অফ্ হৈ আছে ৷ কোনো লোকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সম্বেদ লাভ কৰিলে স্বামী অৰুণ বৰাৰ 8723899428 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

ABOUT THE AUTHOR

...view details