অসম

assam

ETV Bharat / state

ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক - দুৰ্বৃত্ত

জীৱ শ্ৰেষ্ঠৰ নাৰকীয় কাণ্ড ৷ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰি গাঁতত পুতি থ’লে এগৰাকী মহিলাক ৷ ৰঙাপৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷

ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক
ৰঙাপৰাত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা

By

Published : Apr 25, 2021, 5:57 PM IST

Updated : Apr 25, 2021, 8:41 PM IST

ৰঙাপৰা,25 এপ্ৰিল : ৰাজ্যত পুনৰ অন্ধবিশ্বাসৰ বলি হ’বলগীয়া হৈছে এগৰাকী মহিলা ৷ ডাইনীৰ সন্দেহত এগৰাকী ৫৩ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰি পৰৱৰ্তী সময়ত মৃতদেহটো হাবিৰ মাজত পুতি থয় হত্যাকাৰীয়ে ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং গেৰুৱাজুলিত সংঘটিত হৈছে ঘটনাটো ৷

উল্লেখযোগ্য যে, চাৰিটা সন্তানৰ মাতৃ তথা স্বামীহীনা লক্ষেশ্বৰী দৈমাৰী নামৰ মহিলা গৰাকীক হত্যা কৰি হাবিৰ মাজত গোপনে পুতি থয় হত্যাকাৰীয়ে । শনিবাৰে নিশা প্ৰায় ১১ বজাত মহিলা গৰাকীৰ বাসগৃহত দুৰ্বৃত্তৰ এটা দলে প্ৰৱেশ কৰি লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে মহিলাগৰাকীক ৷ হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে হত্যাকাণ্ডটো ঘাপ দিয়াৰ বাবে মৃতদেহটি এক কিলোমিটাৰ দূৰত থকা এখন হাবিৰ মাজত গাঁত খান্দি নিশাই পুতি থয় ৷

ইপিনে হত্যাকাৰীয়ে মহিলা গৰাকীৰ নাতি মোহিত দৈমাৰীক হাত ভৰি বান্ধি হত্যা কৰাৰ চেষ্টা চলাইছিল যদি কথমপি প্ৰাণ ৰক্ষা পৰে । দেওবাৰে স্থানীয় ৰাইজে মহিলাগৰাকীৰ নাতি মোহিতক হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ পাছতে ঘটনাটো পোহৰলৈ আহে । তাৰ পিছতে স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াৰ লগতে মহিলাগৰাকীক গাঁওখনত বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল। অৱশ্যে বহু সময়ৰ পাছত আৰক্ষী আৰু ৰাইজে প্ৰায় এক কিলোমিটাৰ দূৰত্বৰ এখন হাবিৰ মাজত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।

ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক

ইফালে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈ ঘটনাস্থলীত উপস্থিত হৈ মাটিত পুতি থোৱা অৱস্থাৰ পৰা খান্দি মৃতদেহটো উদ্ধাৰ কৰে । স্থানীয় একাংশ ৰাইজে মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ইয়াৰ পূৰ্ৱেও মহিলা গৰাকীক ডাইনী সন্দেহ কৰি বিভিন্ন অত্যাচাৰ কৰিছিল বুলি একাংশ লোকে জানিবলৈ দিয়ে। সম্প্ৰতি সমগ্ৰ ঘটনাৰ লগত জড়িত থকা সকলক আৰক্ষীয়ে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা প্ৰদান কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ যাত্ৰীবাহী মেজিকে মহতিয়ালে পথচাৰীক

Last Updated : Apr 25, 2021, 8:41 PM IST

ABOUT THE AUTHOR

...view details