অসম

assam

ETV Bharat / state

তেজপুৰত যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন স্বামীৰ - তেজপুৰত যৌতুকৰ দাবী

ছাদ্দাম নামৰ এজন লোকৰ পৰিয়ালে বোৱাৰীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ শাহুৱে ধন অৰ্জনৰ বাবে বোৱাৰীক দিয়ে অসৎ পথ লবলৈ হেঁচা ৷

Tezpur
যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন

By

Published : Nov 26, 2019, 10:23 PM IST

তেজপুৰ, 26 নৱেম্বৰঃপুনৰ যৌতুকৰ দাবীত পত্নীক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ তেজপুৰৰ মৰা ভঁৰলীৰ ছাদ্দাম শ্বেইখ নামৰ এজন লোকৰ বিৰুদ্ধে তেওঁৰ পত্নীক যৌতুকৰ দাবীত নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ছাদ্দাম শ্বেইখৰ পত্নীয়ে এই অভিযোগ উত্থাপিত কৰিছে ৷

যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন

কেৱল নিৰ্যাতনেই নহয় স্বামী ছাদ্দাম শ্বেইখৰ মাতৃয়ে নিৰ্যাতিতা মহিলা গৰাকীক ধন অৰ্জনৰ বাবে অসৎ পথ লবলৈ হেঁচা দিয়া বুলিও অভিযোগ কৰে ভুক্তভোগী মহিলা গৰাকীয়ে ৷ লগতে তেওঁ কয় যে এই কথাত অমান্তি হোৱাত স্বামীৰ পৰিয়ালে তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায় ৷ ইফালে ছাদ্দাম শ্বেইখে তেওঁক পশ্চিমবংগত 4 বছৰীয়া পুত্ৰসহ ত্যাগ কৰি পুনৰ অন্য এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰে নিৰ্যাতিতা মহিলা গৰাকীয়ে ৷ তেওঁ জনোৱা অনুসৰি স্বামীৰ বিৰুদ্ধে তেজপুৰ আৰক্ষী চকীত এক গোচৰ তৰিছে যদিও আৰক্ষীৰ পৰা তেওঁ কোনো সঁহাৰি লাভ কৰা নাই। অৱশেষত নিৰ্যাতিতা মহিলা গৰাকীয়ে ন্যায় বিচাৰি মহিলা সমিতিৰ ওচৰত এক অভিযোগ দাখিল কৰিছে।

লগতে পঢ়ক- নগা গাঁৱৰ নাম ফলক আৰি অসমৰ মাটিত নগাৰ বেদখল

ABOUT THE AUTHOR

...view details