তেজপুৰ, 14 জানুৱাৰী : এক শিহৰণকাৰী দৃশ্য । চৌদিশে ৰাজ্যৰ পৰিবহণ বিভাগৰ উদ্যোগত প্ৰতিখন জিলাৰ প্ৰশাসনে ঢাক ঢোল বজাই পথ সুৰক্ষা সপ্তাহ উদযাপন কৰি থকাৰ সময়তে শুক্ৰবাৰে নিশা তেজপুৰ গোটলুঙৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Woman died in a Road accident at Tezpur) ৷ ফলত নিহত হয় এগৰাকী মহিলা ৷
আনকি নিহত মহিলাগৰাকীৰ মৃতদেহৰ ওপৰেদি পাৰ হৈ গ’ল ইখনৰ পিচত সিখনকৈ বহু বাহন ৷ অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত মহিলাগৰাকীৰ পৰিচয় ৷ ইফালে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাচতো আৰক্ষীয়ে কোনো কাণষাৰ নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক :Nashik accident : নাছিকত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১০ গৰাকী যাত্ৰীৰ মৃত্যু
ফলত উৰে নিশা ৰাজপথতে পৰি থাকিল অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ ৷
এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ অৱশেষত শনিবাৰে পুৱা প্ৰায় 4:30 বজাত ঘটনাস্থলীত উপস্থিত হয় তেজপুৰ আৰক্ষীৰ এটা দল ৷ তেজপুৰ আৰক্ষীৰ এই দলটোৱে মহিলাগৰাকীৰ মৃতদেহ তেজপুৰ কলীয়া ভোমোৰা মিছন চাৰীয়ালি সংযোগী 37(A) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰে (Road accident at NH 37 A in Tezpur)।