তেজপুৰ, ১২ মে' :দেশৰ খুব কমসংখ্যক প্ৰতিষ্ঠানে এই বিশেষ সন্মান লাভ কৰিছে, যিয়ে ভাৰত চৰকাৰৰ উদ্যোগ সম্প্ৰসাৰণ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ অধীনত থকা Cell for IPR Promotion and Management-ৰ (CIPAM) লগত ওতপ্ৰোতভাৱে জড়িত হৈ বৌদ্ধিক সম্পত্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব । উল্লেখযোগ্য যে CIPAM-য়ে ভাৰতবৰ্ষত প্ৰতিষ্ঠিত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰবোৰৰ (TISC) ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে কাম কৰি আহিছে ।
বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO), ছুইজাৰলেণ্ডে ইয়াৰ প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰৰ (TISC) কাৰ্যসূচীৰ জৰিয়তে উন্নয়নশীল দেশসমূহৰ উদ্ভাৱকসকলক উচ্চমানৰ প্ৰযুক্তি তথ্য আৰু আনুষংগিক সেৱাসমূহৰ সুবিধা প্ৰদান কৰে (world intellectual property organisation) । ইয়াৰ উপৰি TISC-ৰ কাৰ্যসূচীসমূহে উদ্ভাৱকসকলক উদ্ভাৱনী সম্ভাৱনাক প্ৰকৃত ৰূপত ব্যৱহাৰ কৰাত আৰু তেওঁলোকৰ বৌদ্ধিক সম্পত্তি অধিকাৰৰ বিষয়ে আৰু এই অধিকাৰ পৰিচালনা আৰু সুৰক্ষা কৰাৰ সমলসমূহৰ বিষয়ত সহায় কৰে । বৰ্তমান সময়ত বিশ্বজুৰি পাঁচ শতাধিক প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰই (TISC) বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ওপৰত কাম কৰি আহিছে ।
এই পৰিপ্ৰেক্ষিতত তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপিত হ’বলগীয়া এই কেন্দ্ৰটোৱে বিশ্ববিদ্যালয়খনক বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বমানৰ পদক্ষেপ লোৱাত সহায় কৰিব বুলি আশা কৰিব পাৰি (WIPO established in Tezpur University) । নিশ্চিতভাৱে তেজপুৰ বিশ্ববিদ্যালয়ত (Tezpur Central University) স্থাপিত হ’বলগীয়া TISC কেন্দ্ৰটোৱে জ্ঞান বিনিময়, বিশ্বৰ বিভিন্ন প্ৰান্তত স্থাপিত TISC-ৰ লগত উত্তম পদ্ধতিৰ ভাগ-বতৰা, উদ্ভাৱকসকলৰ সামৰ্থ বিকাশ, বৌদ্ধিক সম্পত্তিৰ উদ্ভাৱন আৰু বাণিজ্যিকীকৰণৰ ক্ষেত্ৰতো এক গতি প্ৰদান কৰিব ।