তেজপুৰ,৪ জুলাই : ৰাহুল গান্ধীৰ পদত্যাগ সময়োপযোগী হৈছে । এই মন্তব্য অসম বিধান সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ । যি সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে দলৰ বিভিন্ন সদস্যই ৰাষ্ট্ৰীয় সভাপতি লৈ পত্ৰ প্ৰেৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ বিচাৰিছে, সেই সময়তে ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ পদত্যাগে অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাটো খলকনিৰ সৃষ্টি কৰিছে । দেৱব্ৰত শইকীয়াৰ মন্তব্য- যদি দলে বিচাৰে তেন্তে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিবলৈ সাজু । উল্লেখ্য যে বিগত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সমগ্ৰ দেশৰ লগতে অসমতো জনসাধাৰণৰ মাজত সমৰ্থন হেৰুৱাব লগা হৈছিল । ইয়াৰ ব্যতিক্ৰম নহয় অসম প্ৰদেশ কংগ্ৰেছ দল ৷ এই কথা অকপতে স্বীকাৰ কৰিছে বিৰোধী দলপতি গৰাকীয়ে । কংগ্ৰেছ দলক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আদৰণি জনাইছে শইকীয়াই । "কংগ্ৰেছ দলক শক্তিশালী কৰাৰ স্বাৰ্থত সংস্কাৰৰ প্ৰয়োজনীয়তা আছে । আমি শক্তিশালী হ'ব পৰা নাই, হয়তো কৰবাত গণসমৰ্থন হেৰুৱাই পেলাইছে আমাৰ দলে ", এইবুলিও সাংবাদিকৰ আগত মন্তব্য কৰে শইকীয়াই ৷
সভাপতিৰ দায়িত্ব ল'বলৈ সাজু দেবব্ৰত শইকীয়া ! - প্ৰদেশ কংগ্ৰেছ
কংগ্ৰেছ দলত সংস্কাৰৰ ধুম; কি হ'ব ৰিপুন বৰাৰ ভৱিষ্যৎ ?
ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত মাত্ৰ ৩ জন সাংসদ জয়ী কৰাবলৈ সক্ষম হৈছিল । ইয়াৰ পিছতে কংগ্ৰেছৰ ভিতৰতচ'ৰাত অসন্তুস্টিৰ সৃষ্টি হয় ৷ ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও আগন্তুক বিধানসভা নিৰ্বাচনৰ দায়িত্ব ল'বলৈ সাজু বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ এনে পৰিস্থিতিত, যিটো সময়ত কংগ্ৰেছ দলটোৰ নেতৃত্বৰ সালসলনিৰ কথা সকলো পৰ্যায়তে স্পষ্ট হৈ পৰিছে ঠিক সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বৰো সলনি নহ'বনে? সাম্প্ৰতিক পৰিস্থিতিত এনে এক প্ৰশ্নৰ অৱতৰণ হোৱাটোৱে প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুন বৰাৰ ভৱিষ্যৎ ধূষৰিত কৰি তুলিছে ৷