অসম

assam

শোণিতপুৰৰ ৰাজপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জলাঞ্চললৈ ওলাই আহিছে জাক-জাক বনৰীয়া হাতী ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথেৰে অতিক্ৰম কৰি এঘন্টা ধৰি বন্ধ কৰিলে যাতায়ত ব্যৱস্থা ৷

By

Published : Oct 16, 2019, 12:52 PM IST

Published : Oct 16, 2019, 12:52 PM IST

শোণিতপুৰৰ ৰাজপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

ৰঙাপৰা,16অক্টোবৰ : শোণিতপুৰ জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ বুধবাৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথচোৱা অতিক্ৰম কৰে ৷ যাৰ ফলত প্ৰায় এঘন্টা ধৰি পথটোৰে বন্ধ হৈ পৰে যান-বাহনৰ চলাচল ৷ যাতায়ত বন্ধ হৈ পৰাৰ ফলত পথটোত আৱদ্ধ হ'বলগীয়া হয় বহু যান-বাহন ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চলালৈ ওলাই অহা হাতীৰ জাকটোত আছিল প্ৰায় 100 টা হাতী ৷ ইয়াৰ পাছতে, উক্ত পথটোত বন বিভাগৰ লোক উপস্থিত হয় আৰু ৰাজপথৰ পৰা খেদি পঠিয়াই হাতীৰ জাকটোক ৷

শোণিতপুৰৰ ৰাজপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণ


স্থানীয় লোকৰ মন্তব্য অনুসৰি, হাতীৰ জাকটোত আছে বহু পোৱালী হাতী ৷ খাদ্যৰ অভাৱত প্ৰায়ে বনৰীয়া হাতীৰ জাকে অঞ্চলটোলৈ ওলাই আহি বিস্তৰ ক্ষতি কৰাৰ কথাও উল্লেখ কৰে অঞ্চলবাসীয়ে ৷

ABOUT THE AUTHOR

...view details