অসম

assam

ETV Bharat / state

'লাডেন'ৰ ত্ৰাসত উজাগৰী নিশা কটাইছে ৰঙাপৰাবাসীয়ে

বনৰীয়া হাতীটোয়ে গাঁওখনৰ মাংৰা মুণ্ডা নামৰ লোক এজনৰ বাসগৃহটো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খাদ্য সকলো খাদ্য সামগ্ৰী ভক্ষণ কৰে ।

ৰঙাপৰাৰ নাহৰণী গ্ৰাণ্ট গাঁৱত 'লাডেন'ৰ ত্ৰাস

By

Published : Jul 8, 2019, 11:11 AM IST

ৰঙাপৰা, ০৮ জুলাই :শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ ২ নং নাহৰণী গ্ৰাণ্টত নিশা 'লাডেন' নামৰ বন্যহস্তীটোয়ে উপদ্ৰৱ চলায় । দেওবাৰে নিশা প্ৰায় ২ মান বজাত আঘাতপ্ৰাপ্ত বনৰীয়া দঁতাল হাতীটোয়ে খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰে ।

ৰঙাপৰাৰ নাহৰণী গ্ৰাণ্ট গাঁৱত 'লাডেন'ৰ ত্ৰাস

জানিব পৰা মতে বনৰীয়া হাতীটোয়ে গাঁওখনৰ মাংৰা মুণ্ডা নামৰ লোক এজনৰ বাসগৃহটো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খাদ্য সামগ্ৰী সকলো ভক্ষণ কৰে । ইফালে, ঘটনাৰ খবৰ পাই ৰঙাপৰা আমাৰীবাৰীৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় । উল্লেখ্য যে ৰঙাপৰাত লাডেনৰ উপদ্ৰৱ অব্যাহত থকাৰ বাবে ৰাইজে উজাগৰে নিশা কটাবলগীয়া হৈছে ।

ABOUT THE AUTHOR

...view details