ৰঙাপৰা,১৯ আগষ্ট :ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত (Elephant human conflict in Assam)। খাদ্যৰ সন্ধানত প্ৰায় বন্যহস্তী জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰে । ঘৰ-দুৱাৰ ভাঙি, পথাৰৰ শস্য নষ্ট কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত প্ৰতিবছৰে বহুলোকৰ মৃত্যু হোৱাও দেখা যায় ।
ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ শোণিতপুৰ জিলাত প্ৰতিবছৰে বন্যহস্তীয়ে উপদ্ৰৱ চলায় আহিছে । এইবাৰ বনৰীয়া হাতীয়ে জিলাখনৰ ৰঙাপৰা অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে । শুকুৰবাৰে নিশা হাবিৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে গাঁৱত প্ৰৱেশ কৰে । তাৰ পাছতে হাতী দুটাই ৰৌনাথপুৰ প্ৰাথমিক বিদ্যালয়ত উপদ্ৰৱ চলায় (Wild elephants damage school in Rangapara)। খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতী দুটাই বিদ্যালয়খনৰ পকী বেৰ ভাঙি সা-সম্পত্তি নষ্ট কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে ।
লক্ষণীয়ভাৱে প্ৰায় এসপ্তাহমান পূৰ্বেও হাতীয়ে ৰঙাপৰাৰ এইখন বিদ্যালয়ৰ ৰান্ধনি গৃহৰ পকী বেৰ ভাঙি পেলাইছিল । পকী বেৰ ভাঙি ছাত্র-ছাত্ৰীসকলৰ বাবে মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল ভক্ষণ কৰিছিল বনৰীয়া হাতীয়ে । ইফালে বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ কাষতে থকা বাসগৃহ এটাও ভাঙি থৈ যায় । বিদ্যালয়খনত এনেদৰে হাতীয়ে উপদ্ৰৱ চলোৱাত এতিয়া শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল (Fear of wild elephants in Rangapara)।
উল্লেখ্য যে ৰঙাপৰাৰ একাংশ অঞ্চলত নিশাৰ ভাগত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় আহিছে । ঘৰ-দুৱাৰ ভাঙি এনেদৰে বহু লোকৰ সম্পত্তি ক্ষতিসাধন কৰি আহিছে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক জনোৱা হৈছে যদিও আজিলৈ বন বিভাগে কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰা নাই ।
লগতে পঢ়ক :গো-পালকে খেতিপথাৰত পশুধন এৰি খেতিয়কৰ অনিষ্ট কৰাৰ অভিযোগ