অসম

assam

ETV Bharat / state

শোণিতপুৰৰ বিন্দুকুৰিত বন্যহস্তীৰ ত্ৰাস - জাকে জাকে বন্যহস্তীৰ দল

অসমৰ চৌদিশে অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷ শোণিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ বিন্দুকুৰিৰ পকীয়াযাৰত বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে ৷

শোণিতপুৰ
বন্যহস্তীৰ সন্ত্ৰাস

By

Published : Dec 5, 2019, 7:26 PM IST

তেজপুৰ, 6 ডিচেম্বৰ: অসমৰ চৌদিশে অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷ যাৰ বাবে বিভিন্ন সময়ত ভিন্নজনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ এইবাৰ শোণিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ বিন্দুকুৰিৰ পকীয়াযাৰত জাকে জাকে বন্যহস্তীৰ দল নামি আহিছে ধাননি পথাৰ অতিক্ৰম কৰি ৷

হস্তী-মানৱ সংঘাতৰ ভায়নক ৰূপ

এই সম্পৰ্কে স্থানীয় লোকে বন বিভাগক জনায় ৷ বন বিভাগ লোক ঘটনাস্থলীৰ উপস্থিত হৈ গুলী, ফটকাৰে হাতী কেইটা খেদি পঠিয়ায় ৷

উল্লেখ্য যে, বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য বন্য জীৱ-জন্তু ৷

লগতে পঢ়ক:শিহৰণকাৰী! ট্ৰাকৰ তলত পৰি জীৱন্তে উদ্ধাৰ পথচাৰী

ABOUT THE AUTHOR

...view details