অসম

assam

ETV Bharat / state

গহপুৰত আঘতপ্ৰাপ্ত বন্যহস্তীৰ সন্ত্ৰাস

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক ফালি আঁতৰি অহা এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে বিগত দুটা মাহ ধৰি গহপুৰৰ বিভিন্ন প্ৰান্তৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ ধংস কৰি সন্ত্ৰাস চলাই চলাই আহিছে ।

By

Published : Jul 8, 2019, 12:31 PM IST

গহপুৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস

তেজপুৰ , ০৮ জুলাই:গহপুৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক ফালি আঁতৰি অহা এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে বিগত দুটা মাহ ধৰি গহপুৰৰ বিভিন্ন প্ৰান্তৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ ধংস কৰি সন্ত্ৰাস চলাই চলাই আহিছে ।

গহপুৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস

তেনে সময়তে সোমবাৰে পুৱা স্থানীয় ৰাইজে বালিজানত হাতীটো প্ৰতক্ষ্য কৰে । ইয়াৰ পাচতে হাতীটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰে । ফলত কিছু সময় ধৰি যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । একে দৰে কটকী চুকৰ ৰেল পথটো হাতীটোৱে অৱস্থান কৰাত কিছু সময় ধৰি নাহৰলগুনৰ পৰা দিল্লী অভিমুখী এখন যাত্ৰী বাহী ৰেল আৱদ্ধ হৈ থাকিব লগীয়া হয় । উল্লখ্য যে, বৰ্তমান হাতীটোৱে বালিজান পথাৰত অৱস্থান কৰি আছে । যাৰ ফলত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । ইপিনে কাষৰীয়া বহু পৰিয়ালে হাতীৰ ভয়ত ঘৰৰ পৰা আঁতৰি থাকিব লগীয়া পৰিৱেশৰো সৃষ্টি হৈছে । ইমানৰ পাচতো কিন্তু বনবিভাগৰ লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ।

ABOUT THE AUTHOR

...view details